NORTHEAST NOW (Assamese)

পাকিস্তানক উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ : মাজনিশা ৯ টাকৈ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ, কেইবাজনো নিহত

May 7, 2025 7:29 am · এন ই নাও নিউজ, গুৱাহাটী

মাজনিশা পাকিস্তানত আক্ৰমণ চলালে ভাৰতীয় সেনাই। পেহেলগাম কাণ্ডৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই নিশা ১.৪৪ মিনিটত কেইবাটাও মিছাইলেৰে পাকিস্তান আক্ৰমণ কৰে।

জানিব পৰা মতে, ভাৰতীয় সেনাই পাক সন্ত্ৰাসবাদীৰ ঘাটিলৈ লক্ষ্য কৰি ২৪ টা মিছাইল নিক্ষেপ কৰে। এই মিছাইল আক্ৰমণত ২৬ জন পাকিস্তানী নাগৰিকে প্ৰাণ হেৰুওৱা বুলি সন্দেহ কৰা হৈছে।

সেনাৰ সূত্ৰ অনুসৰি, মিছাইলেৰে পাকিস্তানৰ মুঠ ৯ টা স্থানত মিছাইলেৰে আক্ৰমণ কৰা হয়।

ভাৰতীয় সেনাই এই অভিযানক ‘অপাৰেচন সিন্দুৰ’ নামেৰে নামকৰণ কৰিছে।

Related News