কোভিড-১৯: ইটালীৰ পাছত স্পেইনকো অতিক্ৰম কৰি এইবাৰ পঞ্চম স্থানলৈ ভাৰত

Covid-test-image

প্ৰতিনিধিত্বমূলক ফটো

কোভিড-১৯ সংক্ৰমণৰ সংখ্যাৰে ভাৰতে কালি ইটালীক অতিক্ৰম কৰাৰ পাছত এইবাৰ আন এখন য়ুৰোপৰ দেশক স্পেইনকো অতিক্ৰম কৰি পঞ্চম স্থানলৈ উপনীত হৈছে।

শেহতীয়া তথ্য অনুসৰি ভাৰতত এই মুহূৰ্তত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ২ লাখ ৪৬হাজাৰ ৪৫৪জন।

আনহাতে, স্পেইনত আক্ৰান্তৰ সংখ্যা হৈছে ২ লাখ ৪১হাজাৰ ৩১০জন।

যোৱা ২৪ ঘন্টাৰ ভিতৰতে ভাৰতে য়ুৰোপৰ কৰ’না বিধ্বস্তু দুখন দেশ ইটালী আৰু স্পেইনক অতিক্ৰম কৰিছে।

বৰ্তমান ভাৰতৰ ওপৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, ৰাছিয়া আৰু ব্ৰিটেইন।

শেহতীয়া তথ্য অনুসৰি, ভাৰতৰ ঠিক ওপৰত থকা ব্ৰিটেইনত বৰ্তমান ক’ৰনা আক্ৰান্তৰ সংখ্যা হৈছে ২লাখ ৮৬হাজাৰ ২৯৪জন।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘন্টাত ৯,৮৮৭টা কোভিড-১৯পজিটিভ ঘটনা ধৰা পৰিছে। এয়া এতিয়ালৈকে এটা দিনত সৰ্বোচ্চ সংক্ৰমণৰ ঘটনা।

বৰ্তমান দেশত মুঠ সক্ৰিয় আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ১ লাখ ১৫হাজাৰ ৯৪২জন। ইতিমধ্যে, ১লাখ ১৪হাজাৰ ৭২জন ৰোগী সুস্থ হৈ উঠিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ২৯৪জন লোকে প্ৰাণ হেৰুৱাইছে।

ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত ১৩৯জন, দিল্লীত ৫৮জন, গুজৰাটত ৩৫জন, তামিলনাডু আৰু উত্তৰ প্ৰদেশত ১২ জনকৈ, পশ্চিমবংগত ১১জন, তেলেংগানাত ৮জন, মধ্য প্ৰদেশত ৭জন, ৰাজস্থানত ৫জন, অন্ধ্ৰ প্ৰদেশত ২জন আৰু জম্মু-কাশ্মীৰ, উৰিষ্যা, পঞ্জাৱ, ঝাৰখণ্ড তথা উত্তৰাখণ্ডত এজনকৈ লোকৰ মৃত্যু হৈছে।