NORTHEAST NOW (Assamese)

এদিনতে ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাৰ ক্ষেত্ৰত আমেৰিকাক চেৰ পেলালে ভাৰতে

August 31, 2020 9:42 am · এন ই নাও নিউজ
Updated: August 31, 2020 2:12 pm

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় স্থানত থকা দেশ ভাৰতে এদিনতে ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাৰ ক্ষেত্ৰত আমেৰিকাক চেৰ পেলালে।

ক’ৰ’ণা সংক্ৰমণৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা আমেৰিকাত এদিনত সৰ্বাধিক ৭৭,২৯৯ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

১৭ জুনত আমেৰিকাত ইমান বেছি সংখ্যক লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

কিন্তু ভাৰতে সেই অভিলেখ ভংগ কৰিলে। ভাৰতত বিগত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা  ৭৮,৫১২ হয়।

স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা অনুসৰি দেশত নিতৌ গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

দেশত  এতিয়া ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৩৬ লাখৰ ঘৰ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৩৬,২১,২৪৫গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৭,৬৬,৩০২ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৬৪,৪৬৯ গৰাকী লোকৰ।

একেদৰে ক’ৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ কোভিডত আক্ৰান্ত হোৱা ২৭,৭৪,৮০২ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ হাৰ বঢ়াবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দেশত এতিয়ালৈকে মুঠ ৪,২৩,০৭,৯১৪ টা পৰীক্ষা সম্পন্ন কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ৭৪.৭ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

Related News