NORTHEAST NOW (Assamese)

অষ্ট্ৰেলিয়া-নিউজিলেণ্ডৰ মাটিত ভাৰত বনাম পাকিস্তানৰ ‘বাচমতি যুদ্ধ’! জিকিল কোন?

February 16, 2025 1:16 pm · এন ই নাও নিউজ, গুৱাহাটী

মাটি নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ। তাতেই আৰম্ভ হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত ‘বাচমতি যুদ্ধ’। ইয়াৰ আৰম্ভণি কৰিছিল পাকিস্তানী সংবাদ মাধ্যমে। তেওঁলোকে দাবী কৰিছিল, আচলতে কাৰ সামগ্ৰী বাচমতি চাউল, ভাৰতৰ নে পাকিস্তানৰ? এই প্ৰশ্নৰ উত্তৰত ইছলামবাদে হেনো নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত জয়লাভ কৰিছে।

দক্ষিণ গোলাৰ্ধৰ এই দুখন দেশে বাচমতি চাউলক ভাৰতৰ নহয়, পাকিস্তানৰ উৎপাদন হিচাপে স্বীকৃতি দিছে। এই দাবী ইছলামাবাদৰ। অৱশ্যে পাকিস্তানী সংবাদ মাধ্যমৰ এই দাবী ভাৰতে নাকচ কৰিছে। ভাৰত চৰকাৰে পাকিস্তানত প্ৰকাশিত বাতৰি মিছা বুলি কৈছে। এই ক্ষেত্ৰত ভুল তথ্য প্ৰচাৰ কৰা হৈছে।

ভাৰত চৰকাৰৰ অধীনস্থ সংস্থা এগ্ৰিকালচাৰ এণ্ড প্ৰচেছড ফুড এক্সপ’ৰ্ট ডেভেলপমেণ্ট অথৰিটি (এপিইডিএ)য়ে প্ৰকাশ কৰিছে যে আজিলৈকে নিউজিলেণ্ড বা অষ্ট্ৰেলিয়াই পাকিস্তানক বাচমতি চাউলৰ বাবে কোনো ধৰণৰ পঞ্জীয়ন প্ৰদান কৰা নাই। বৰঞ্চ ইয়াৰ বিপৰীতটোহে শুদ্ধ।

দৰাচলতে এপেডাই ইতিমধ্যেই নিউজিলেণ্ডত বাচমতিৰ বাবে এটা ল’গ’ পঞ্জীয়ন কৰিছে। আৰু দুয়োখন দেশতে অপেডাৰ বাচমতি নাম আৰু ল’গ’ প্ৰমাণীকৰণ ট্ৰেডমাৰ্কৰ আবেদন বিবেচনাধীন হৈ আছে।

Related News