NORTHEAST NOW (Assamese)

ঘাইপথ, MSMEত নিষিদ্ধ হ’ব চীনা কোম্পানি

July 1, 2020 11:23 pm · এন ই নাও নিউজ
Updated: July 1, 2020 11:24 pm
ফাইল ফটো

কেন্দ্ৰীয় মন্ত্ৰী নীতীন গাদকাৰিয়ে বুধবাৰে কয় যে ভাৰতে চীনা কোম্পানিক ঘাইপথ প্ৰকল্পত অংশ ল’বলৈ অনুমতি নিদিয়ে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীজনে কয় যে চীনা কোম্পানিৰে জইণ্ট ভেন্সাৰকো এইক্ষেত্ৰত অনুমতি দিয়া নহ’ব।

“চীনা অংশীদাৰ থকা জইণ্ট ভেন্সাৰসমূহক পথ নিৰ্মাণৰ বাবে আমি অনুমতি নিদিওঁ,” সংবাদ মাধ্যমক গাদকাৰিয়ে কয়।

“আমি দৃঢ় সিদ্ধান্ত লৈছো যে যদি তেওঁলোক (চীনা কোম্পানি) আমাৰ দেশলৈ জইণ্ট ভেন্সাৰ হৈ আহে, আমি অনুমতি নিদিওঁ।”

ভাৰতীয় কোম্পানিসমূহে ঘাইপথ প্ৰকল্পসমূহত অংশগ্ৰহণ কৰিব পৰাকৈ অৰ্হতাসমূহ ঢিলাই দিয়াৰ বাবে আৰু চীনা কোম্পানিক নিষিদ্ধ কৰাৰ বাবে চৰকাৰে শীঘ্ৰেই নীতি গ্ৰহণ কৰিব।

খুব কমসংখ্যক প্ৰকল্পতহে চীনা কোম্পানি জৰিত হৈ আছে বুলি সদৰী কৰি মন্ত্ৰীজনে প্ৰকল্পসমূহৰ পুনৰ নিবিদা আহ্বানৰো ইংগিত দিয়ে।

তাৰোপৰি ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগতো চীনা বিনিয়োগকাৰীক বিনিয়োগ কৰিবলৈ আৰু অনুমতি দিয়া নহ’ব বুলিও বিভাগীয় মন্ত্ৰী গাদকাৰিয়ে মন্তব্য কৰে।

Related News