ইণ্ডিয়া টুডে+এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষাত পঞ্জাৱত বিশাল বিজয়ৰ দিশে আম আদমী পাৰ্টী

WhatsApp Image 2022-03-07 at 6.45.53 PM

প্ৰায় এমাহজোৰা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সমাপ্তি ঘটিল। তিনিদিন পিছতে পাঁচখন ৰাজ্য উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, মণিপুৰ আৰু গোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

নিৰ্বাচন আয়োগে ঘোষণা কৰিবলগীয়া চূড়ান্ত ফলাফলৰ পূৰ্বে কোনখন ৰাজ্যত কোন দলে শাসনভাৰ পাব তাৰ ইংগিত পোৱা গৈছে। প্ৰাক নিৰ্বাচনী সমীক্ষা সম্পূৰ্ণ মিলিব বুলি ক’ব নোৱাৰি যদিও এই সমীক্ষাৰ ওপৰত জনসাধাৰণে এক সম্ভাৱনাৰ ছবি বিচাৰি পাব।

লগতে পঢ়ক: ২০২১ চনৰ প্ৰশ্ন কাকতৰেই হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা; আনুষ্ঠানিকভাৱে জনালে ছেবাই

ইণ্ডিয়া টু’ডে +এক্সিছ মাই ইণ্ডিয়াৰ প্ৰাক নিৰ্বাচনী সমীক্ষা অনুসৰি আম আদমী পাৰ্টীয়ে ইয়াত ৪১শতাংশ ভোট লাভ কৰিব। সেইদৰে, কংগ্ৰেছে ২৮ শতাংশ আৰু শিৰোমণি আকালি দলে ১৯ শতাংশ ভোট পাব পাৰে।

ইণ্ডিয়া টু’ডে +এক্সিছ মাই ইণ্ডিয়াৰ এই সমীক্ষাত মুঠ ২৮,৫৮২জন লোকক সামৰি লোৱা হৈছিল।

এই সমীক্ষা অনুসৰি, আম আদমী পাৰ্টীয়ে ৭৬ৰ পৰা ৯০ খন আসন পাব। কংগ্ৰেছে পাব ১৯ৰ পৰা ৩১খন আসন আৰু আকালি দলে ১১খন আসন পোৱাৰ বিপৰীতে বিজেপিয়ে এখনৰ পৰা চাৰিখন আসন পাব পাৰে।