ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী
ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি বুধবাৰৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈছে। ২০২৫ চনৰ ২৫ জুলাইত লণ্ডনত স্বাক্ষৰিত হোৱা এই চুক্তিয়ে ভাৰতীয় ৰপ্তানিকাৰীসকলৰ বাবে বিশ্বৰ অন্যতম বৃহৎ বজাৰ মুকলি কৰাৰ লগতে ভাৰতীয় ক্ৰেতাৰ বাবে কেইবাবিধো প্ৰিমিয়াম ব্ৰিটিছ সামগ্ৰীৰ মূল্য সুলভ কৰি তুলিব। বাণিজ্য বিশেষজ্ঞসকলৰ মতে, এই চুক্তিয়ে বিনিয়োগৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ লগতে নিয়োগৰ সৃষ্টি কৰিব আৰু ভাৰতৰ উৎপাদন তথা সেৱা খণ্ডক এক নতুন গতি প্ৰদান কৰিব।
ভাৰতীয় গ্ৰাহকৰ বাবে এই চুক্তিৰ প্ৰথমটো চকুত লগা প্ৰভাৱ হ’ব ব্ৰিটেইনৰ পৰা আমদানিকৃত সামগ্ৰীৰ মূল্য হ্ৰাস। পৰ্যায়ক্ৰমে স্কটছ হুইস্কী, প্ৰিমিয়াম ব্ৰিটিছ গাড়ী, বিলাসী মটৰচাইকেল, প্ৰসাধন সামগ্ৰী, চকলেট, বিস্কুট, চিকিৎসা সঁজুলি আৰু নিৰ্বাচিত খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস পাব। বৰ্তমানলৈকে আমদানিকৃত ব্ৰিটিছ গাড়ীত ১১০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰা হৈছিল যদিও এই চুক্তিৰ অধীনত নিৰ্দিষ্ট কোটাৰ ভিত্তিত শুল্ক পৰ্যায়ক্ৰমে হ্ৰাস কৰা হ’ব।
এই চুক্তিৰ দ্বাৰা আটাইতকৈ বেছি লাভান্বিত হ’ব ভাৰতীয় ৰপ্তানিকাৰীসকল। চুক্তিয়ে ব্ৰিটেইনলৈ ভাৰতীয় ৰপ্তানিৰ প্ৰায় ৯৯ শতাংশৰ ওপৰত শূন্য শুল্কৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ অৰ্থ হ’ল পূৰ্বে ব্ৰিটেইনত আমদানি শুল্কৰ সন্মুখীন হোৱা হাজাৰ হাজাৰ ভাৰতীয় সামগ্ৰী এতিয়া শুল্কমুক্তভাৱে বজাৰত প্ৰৱেশ কৰিব পাৰিব, যাৰ ফলত ইউৰোপ আৰু চীনৰ সামগ্ৰীৰ সৈতে ভাৰতীয় সামগ্ৰীয়ে সহজে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। বস্ত্ৰ আৰু পোছাক, চামৰা আৰু জোতা, মণি-মুকুতা আৰু আ-অলংকাৰ, সামুদ্ৰিক সামগ্ৰী, অভিযান্ত্ৰিক সামগ্ৰী, অটো কম্প’নেণ্ট, প্ৰ’চেষ্ট ফুড, ৰাসায়নিক পদাৰ্থ, ফাৰ্মাচিউটিকেল আৰু কৃষি সামগ্ৰীৰ দৰে খণ্ডসমূহত কৰ্মৰত লাখ লাখ ভাৰতীয় এই সুবিধাৰ জৰিয়তে সৰ্বাধিক লাভান্বিত হ’ব বুলি আশা কৰা হৈছে।
কেৱল সামগ্ৰীয়েই নহয়, সেৱা খণ্ডতো এই চুক্তিয়ে বিশেষ প্ৰভাৱ পেলাব। ১৩৭ টা সেৱা উপ-খণ্ডক সামৰি লোৱা এই চুক্তিয়ে ভাৰতীয় আই টি কোম্পানী, পৰামৰ্শদাতা প্ৰতিষ্ঠান, অভিযন্তা, স্থপতিবিদ, হিচাপপৰীক্ষক, স্বাস্থ্যসেৱা আৰু শিক্ষা সেৱা প্ৰদানকাৰীসকলক ব্ৰিটেইনত অধিক সুবিধা প্ৰদান কৰিব। লগতে, ‘ডাবল কন্ট্ৰিবিউশ্যন কনভেনশ্যন’ৰ জৰিয়তে ব্ৰিটেইনত অস্থায়ীভাৱে কৰ্মৰত ভাৰতীয় পেছাদাৰীসকলে পাঁচ বছৰলৈকে দুয়োখন দেশতে সামাজিক সুৰক্ষাৰ বৰঙণি দিয়াৰ প্ৰয়োজন নহ’ব, যিয়ে কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োৰে ব্যয় হ্ৰাস কৰিব বুলি সদৰী কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চুক্তিক এক ‘ঐতিহাসিক মাইলৰ খুঁটি’ বুলি অভিহিত কৰি কৃষক, শ্ৰমিক, এম এছ এম ই, ষ্টাৰ্টআপ আৰু উদ্ভাৱকসকলৰ বাবে ই সুযোগ সৃষ্টি কৰিব বুলি মত প্ৰকাশ কৰিছে।