ভাৰত ‘গোড়ামি আৰু ধৰ্মীয় আধিপত্যৰ ভাবুকি’ৰ সন্মুখীন হৈছে, ৩৭ জন ৰাষ্ট্ৰীয় নেতালৈ ষ্টেলিনৰ পত্ৰ

ভাৰতত বৃদ্ধি পোৱা ধৰ্মীয় গোড়মী আৰু ধৰ্মীয় আধিপত্যৰ বিৰুদ্ধে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে দলৰ আঞ্চলিক আৰু ৰাজনৈতিক ৩৭ জন অ-বিজেপি নেতালৈ চিঠি লিখিছে।

পত্ৰ খনত ষ্টেলিনে উক্ত নেতাসকলক “গোড়ামি আৰু ধৰ্মীয় আধিপত্যৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ” আহ্বান জনাইছে। ষ্টেলিনে ছোনিয়া গান্ধী, লালু প্ৰসাদ যাদৱ, ফাৰুক আব্দুল্লা, শাৰদ পাৱাৰ, মমতা বেনাৰ্জী, ডি ৰাজা, সীতাৰাম য়েচুৰী, এন চন্দ্ৰবাবু নাইডু, অৰবিন্দ কেজৰিৱাল, মেহবুবা মুফতি, কে চন্দ্ৰশেখৰ ৰাও, উদ্ধৱ ঠাকৰে আৰু অখিলেশ যাদৱলৈ এই পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত থল থিৰুমাভালভান আৰু এমডিএমকেৰ ভাইকো – এআইএডিএমকে আৰু পিএমকেৰ এছ ৰামাডোছৰ ,অ’ পন্নীৰচেলভমলৈও প্ৰেৰণ কৰা হৈছে।

২৬ জানুৱাৰীত ষ্টেলিনৰ ঘোষণা কৰিছিল যে তেওঁ জনতাৰ বাবে সামাজিক ন্যায় বিচৰাৰ উপৰি ফেডাৰেলিজম নিশ্চিত কৰাটো বিচাৰে।

সামাজিক ন্যায় সৰল – ‘সকলোৰে বাবে সকলো’ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত বুলিও তেওঁ লিখিছে।

কেৱল সুযোগৰ সমতা নিশ্চিত কৰিহে আমি আমাৰ সংবিধান প্ৰস্তুতকৰ্তাসকলৰ দ্বাৰা কল্পনা কৰা সমতাৰ ওপৰত প্ৰতিষ্ঠিত সমাজ গঢ়ি তুলিব পাৰোঁ,” তেওঁ পত্ৰ খনত এনেদৰে উল্লেখ কৰিছে। ষ্টেলিনে কয়, ‘মই এই পত্ৰ লিখি থাকোতে, আমাৰ অনন্য, বৈচিত্ৰ্যপূৰ্ণ, বহু-সাংস্কৃতিক ফেডাৰেচন গোড়ামি আৰু ধৰ্মীয় আধিপত্যৰ ভাবুকিৰ সন্মুখীন হৈছে। সমতা, আত্মসন্মান আৰু সামাজিক ন্যায়ত বিশ্বাস কৰা সকলোৱে একেলগে একত্ৰিত হ’লেহে এই শক্তিবোৰৰ বিৰুদ্ধে যুঁজ দিব পাৰি’।

তেওঁ লগতে এইবুলিও লিখিছে যে প্ৰতিখন ৰাজ্যতে নিপীড়িত শ্ৰেণীবোৰে তেওঁলোকৰ বাবে সুযোগৰ দুৱাৰ মুকলি কৰিবলৈ ব্যাকুল হৈ আছে।