যুঁজ দিছে ইংলেণ্ডেঃ প’পৰ দৰ্শনীয় শতক, তৃতীয় দিনাৰ অন্তলৈ ১২৬ ৰাণৰ অগ্ৰগতি

India vs England

সাময়িক ব্যৰ্থতা নেওচি হায়দৰাবাদত ভাৰতৰ বিৰুদ্ধে চলি থলা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত প্ৰত্যাহ্বান গঢ়ি তুলিছে ভ্ৰমণকাৰী ইংলেণ্ডে। দলৰ সহ-অধিনায়ক অ’লি প’পৰ দৰ্শনীয় শতকেৰে আজি তৃতীয় দিনাৰ অন্তলৈ ইংলেণ্ডে লাভ কৰিছে ১২৬ ৰাণৰ অগ্ৰগতি।

ভাৰতীয় বলিং আক্ৰমণক হেলাৰঙে প্ৰতিহত কৰি প’পে চমৎকাৰী বেটিঙেৰে ১৪৮ ৰাণৰ অপৰাজিত আছে। প’পৰ এই যুঁজাৰু ইনিংছৰ সহায়ত আজিৰ খেল সামৰণি পৰলৈকে দ্বিতীয় ইনিংছত ৬ উইকেটত ৩১৬ ৰাণ সংগ্ৰহ কৰিছে। ক্ৰীজত প’পৰ সৈতে অপৰাজিত আছে ৰেহান আহমেদ (১৬)।

ইফালে কালিৰ ৭ উইকেটত ৪২১ ৰাণৰ পৰা ইনিংছ আৰম্ভ কৰি ভাৰতে আজি আৰু মাত্ৰ ১৫ ৰাণ যোগ দি ৪৩৬ ৰাণত সকলো উইকেট হেৰুৱায়। কালিৰ দুই অপৰাজিত বেটাৰ জাদেজাই ৮৭ আৰু অক্ষৰ পেটেলে ৪৪ ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ হৈ জ’ ৰুটে ৪ টা উইকেট দখল কৰে।

ভাৰতে প্ৰথম ইনিংছত ১৯০ ৰাণৰ অগ্ৰগতি লোৱাৰ পিছত ইংলেণ্ডে আজি প্ৰথমৰ পৰাই দলটোৰ স্বভাৱসিদ্ধ ‘বেজবল’ শৈলীৰে আৰম্ভণি কৰে দ্বিতীয় ইনিংছ। অপেনাৰ ক্ৰ’লী আৰু ডাকেটে প্ৰথম উইকেটত ৪৫ ৰাণৰ যুটী বন্ধাৰ পিছত ক্ৰলীক (৩১) বিদায় দিয়ে অশ্বিনে।

ইয়াৰ পিছতে ডাকেট আৰু প’পে আক্ৰমণাত্মক শৈলীৰে দলীয় স্ক’ৰ ১১৩ ৰাণলৈ আগবঢ়াই নিয়ে। অৱশ্যে বুমৰাহে ডাকেটক (৪৭) বিদায় দি এই যুটী ভংগ কৰে আৰু তাৰ পিছতে ভাৰতীয় বলিং আক্ৰমণে ঘূৰাই পায় ছন্দ। প্ৰাৰম্ভিক এই প্ৰদৰ্শনৰ পিছতে ইংলেণ্ডে ১৬৫ ৰাণত হেৰুৱায় ৫ টা উইকেট।

ব্যৰ্থ হয় ৰুট (২), বেয়াৰষ্ট্ৰ’ (১০) আৰু ষ্ট’কছ্ (৬)। কিন্তু মধ্যক্ৰমত হোৱা এই ব্যৰ্থতা নেওচি ইংলেণ্ডক মেচখনলৈ পুনৰ ঘূৰাই আনে প’প আৰু ফ’কছৰ যুটীয়ে। দুয়ো ষষ্ঠ উইকেটত ১১২ ৰাণ যোগ দি দলক এক প্ৰত্যাহ্বানজনক স্থিতিলৈ নিয়ে।

দলীয় স্ক’ৰ ২৭৫ত অক্ষয়ে ফ’কছক (৩৪) বিদায় দি ভাৰতীয় শিবিৰলৈ হাঁহি ঘূৰাই আনে। অৱশ্যে তাৰ মাজতে শতক সম্পূৰ্ণ কৰে প’পে। ফ’কছৰ বিদায়ৰ পিছত অৱশ্যে দলটোৰ বেটিং লাইন আপত কোনো হানি ঘটিবলৈ নিদি প’পে ৰেহানৰ সৈতে দিনটোৰ খেল অন্ত পেলায়।

দুয়ো এইপৰ্যন্ত সপ্তম উইকেটত ৪১ ৰাণৰ যুটী বান্ধিছে। দুটা দিনৰ খেল সম্পূৰ্ণ বাকী থকা অৱস্থাত ইংলেণ্ডে এইপৰ্যন্ত ১২৬ ৰাণৰ অগ্ৰগতি লৈছে। হাতত চাৰিটা উইকেট অক্ষত থকা অৱস্থাত দলটোৱে নিশ্চয় এক সুদৃঢ় স্থিতিত উপনীত হৈ ভাৰতৰ সমুখত প্ৰত্যাহ্বানজনল লক্ষ্য থিয় কৰাব বিচাৰিব।

দলটোৰ এতিয়ালৈকে পতন ঘটা ছয়টা উইকেটৰে বুমৰাহ, অশ্বিনে দুটাকৈ আৰু জাদেজা, অক্ষৰে এটাকৈ উইকেট লাভ কৰিছে। ভাৰতীয় দলৰ বিজয়ৰ ক্ষেত্ৰত কাইলৈ প্ৰথম ছেছনত দলৰ বলিং আক্ৰমণৰ প্ৰদৰ্শন হ’ব লক্ষণীয়।