বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা প্ৰথম টি-২০ মেচত ইংলেণ্ডৰ হাতত পৰাস্ত ভাৰত

Guwahati- T20 India batting

গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন মেচৰ দৃশ্য। ফটো : য়ু বি

গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলটো ইংলেণ্ডৰ হাতত ৪১ ৰানৰ ব্যৱধানত পৰাস্ত হয়।

মেচখনত আলহী দল ইংলেণ্ডে প্ৰথমে বেট ধৰি বান্ধি দিয়া ১৬১ ৰানৰ লক্ষ্য পিছা কৰিবলৈ আহি ঘৰুৱা দল ভাৰতে নিৰ্ধাৰিত অভাৰত ছয়টা উইকেট হেৰুৱাই মাত্ৰ ১১৯ ৰানহে সংগ্ৰহ কৰে।

ভাৰতীয় মহিলা দলটোৰ অধিনায়ক তথা তাৰকা বেটছমেন স্মৃতি মান্ধানাৰ লগতে প্ৰায়বোৰ বেটছমেনেই ইংলেণ্ডৰ বলাৰৰ সন্মুখত অসহায় হৈ পৰা পৰিলক্ষিত হয়। প্ৰথম তিনি অভাৰতে ভাৰতে শীৰ্ষ পৰ্যায়ৰ তিনিগৰাকীকৈ বেটছমেনক হেৰুৱাই শলঠেকত পৰে।

ইয়াৰ পাছত বেডা কৃষ্ণমূৰ্তিয়ে ১৫, দীপ্তি শৰ্মাই ২২, অৰুন্ধতি ৰেড্ডীয়ে ১৮ আৰু শিখা পাণ্ডেয়ে ২৩ ৰানৰ যোগ দি দলটোক লজ্জাজনক পৰাজয়ৰ পৰা ৰক্ষা কৰে। ভাৰতৰ অপেনাৰদ্বয় স্মৃতি মান্ধানাই ২, হাৰ্লিন দেউলে ৮, ৰড্ৰিগেজে ২ আৰু মিঠালি ৰাজে ৭ ৰানৰ বৰঙনি আগবঢ়ায়।

আনহাতে ইংলেণ্ডৰ হৈ  কেথেৰিন ব্ৰুণ্ট, লিনচি স্মিথে ২টাকৈ আৰু শ্ৰুবচলে, ক্ৰুছে এটাকৈ উইকেট দখল কৰে।

ইফালে মেচখনত ইংলেণ্ডৰ বলাৰসকলৰ লগতে বেটছমেন সকলৰ প্ৰদৰ্শনো আছিল উল্লেখনীয়। ভাৰতীয় বলাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আলহী দলটোৰ অপেনাৰদ্বয় ডেনিয়েলি ৱাইট আৰু টেম্মি বিয়’মন্টে দলটোক সুন্দৰ আৰম্ভণি দিয়ে। বিয়’মন্টে ৬২ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলাৰ বিপৰীতে ৱাইটে ৩৫ ৰান আৰু অধিনায়ক নাইটে শেষৰপিনে ৪০ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে।

ভাৰতৰ হৈ ৰাধা যাদবে ২টা, শিখা পাণ্ডে আৰু দীপ্তী শৰ্মাই এটাকৈ উইকেট লাভ কৰে।

উল্লেখ্য যে গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে মহিলা আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট শৃংখলাৰ তিনিখন মেচ অনুষ্ঠিত হ’ব। শৃংখলাটোৰ বাকী থকা মেচ দুখন অহা ৭ আৰু ৯ মাৰ্চত অনুষ্ঠিত হ’ব।