NORTHEAST NOW (Assamese)

অনুশীলনৰ সময়ত আঘাত পালে বিৰাট কোহলীয়ে; খেলক লৈ অনিশ্চয়তা

January 5, 2020 4:33 pm · এন ই নাও নিউজ
বিৰাট কোহলীৰ সৈতে ৰবি শাস্ত্ৰী। ফাইল ছবি

আজি গুৱাহাটীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব লগীয়া ছিৰিজৰ প্ৰথমখন টি-২০ মেচৰ পূৰ্বে আঘাতৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী।

দলৰ আন সদস্যসকলৰ সৈতে অনুশীলন কৰি থকাৰ সময়তে কোহলীয়ে বাঁওহাতৰ কেঞা আঙুলিত আঘাত পায়। লগে লগে ভাৰতীয় দলৰ ফিজিঅ’ নিটিন পাটিলে আঘাতপ্ৰাপ্ত আঙুলিৰ পৰীক্ষণ কৰি চিকিৎসা প্ৰদান কৰে।

অৱশ্যে অধিনায়ক কোহলীৰ আঘাত বিশেষ চিন্তনীয় নহয় আৰু তেওঁ আজিৰ মেচখনত অংশ ল’ব বুলিও টিম মেনেজমেণ্টৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি সন্ধিয়া ৭ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এই হাইভল্টেজ টি-২০ মেচখন অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, সুদীৰ্ঘ ২২ মাহৰ অন্তত কোনো আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত মুখামুখি হ’ব ভাৰত আৰু শ্ৰীলংকা। এই পৰ্যন্ত দুয়োটা দলে ১৬খন টি-২০ মেচত অৱতীৰ্ণ হৈছে আৰু ইয়াৰে ১১ খনত ভাৰত আৰু পাঁচখন মেচত শ্ৰীলংকা দলে জয়লাভ কৰিছে।

Related News