• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“অসম ইছলামিক সাহিত্য সভা”, ছ’চিয়েল মিডিয়াৰ নতুন বিতৰ্ক

অসমীয়া সমাজে মাত্ৰাধিক ধৰ্ম-কেন্দ্ৰিক তৎপৰতাক সদায় সন্দেহৰ চকুৰে চাই আহিছে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 5, 2020 5:43 pm

2 min read

Assam Islami Sahitya Sabha banner

অসম ইছলামিক সাহিত্য সভাৰ এখন বৈঠকৰ দৃশ্য। উৎস : ফেইচবুক।

575
VIEWS
Share on FacebookShare on Twitter

“অসম ইছলামিক সাহিত্য সভা” নামৰ এটা অল্পখ্যাত সংগঠনক (সাহিত্য?) লৈ এটা নতুন বিতৰ্ক আৰু আলোচনা আৰম্ভ হৈছে ছ’চিয়েল মিডিয়াত।

এই সংগঠনটোৱে অহা ১২ জানুৱাৰিত হাতীগাৱঁত আয়োজন কৰা প্ৰতিনিধি সভাৰ বাবে দিহা-পৰামৰ্শ বিচাৰি লিখা এখন পত্ৰ ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত শ্বেয়াৰ হৈছে। পত্ৰখনত অৱশ্যে তাৰিখ উল্লেখ নাই।

বিভিন্নজনে এই সাহিত্য সংগঠনটোৰ ওপৰত “সন্দেহ” প্ৰক্ষেপ কৰিছে আৰু ইয়াৰ জন্মৰ প্ৰয়োজনৰ ওপৰত প্ৰশ্ন তুলিছে।

ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেইচবুক য়ুজাৰসকলৰ মত, “সাহিত্য ভাষা কেন্দ্ৰিকহে, ধৰ্মৰ নামত সাহিত্য সভা কিয়?” সংগঠনটোক লৈ বিভিন্ন মত আৰু মন্তব্য দেখা গৈছে যদিও বেছিভাগতে মূল প্ৰশ্ন এইটোৱে।

Assam Islami Sahitya Sabha
অহা ১২ জানুৱাৰিৰ প্ৰতিনিধি সভাৰ বাবে প্ৰচাৰ কৰা পত্ৰখন।

সংবাদ মাধ্যমকে ধৰি আন কিছুমানে আকৌ ইয়াৰ সৈতে CAA আৰু CAA-বিৰোধী আন্দোলনৰ সংযোগ স্থাপনৰ চেষ্টা কৰা দেখা গৈছে।

কিন্তু সংগঠনটোৰ ওৰ বিচাৰিলে দেখা যায়, এই সংগঠনটো ইছলামিক/আৰবীয় বিশ্বাস, কাহিনী, ৰূপকথা কেন্দ্ৰিক সাহিত্য চৰ্চা কৰা এটা অনুষ্ঠান আৰু ২০০৫ চনতে ইয়াৰ জন্ম হোৱা বুলি বিভিন্ন তথ্যৰ পৰা জনা গৈছে।

অহা ১৩, ১৪ আৰু ১৫ মাৰ্চত নলবাৰীৰ আদাবাৰীত সংগঠনটোৰ কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব। তাৰ বিভিন্ন দিশৰ আলোচনাৰ বাবেই ১২ জানুৱাৰিৰ বৈঠকখন আহ্বান জনোৱা হৈছে।

কেন্দ্ৰীয় অভিৱৰ্তনখনৰ সময়ত প্ৰকাশিতব্য সংগঠনটোৰ এখন মুখপত্ৰৰ বাবে লখা আহ্বান জনাই দিয়া এখন পত্ৰৰ প্ৰতিলিপিও নৰ্থ-ইষ্ট নাওৰ হাতত আহি পৰিছে, য’ত ইছলাম ধৰ্ম কেন্দ্ৰিক উপন্যাস, গল্প, কাহিনী, কাব্য, গদ্য, ধৰ্মদৰ্শন, বিজ্ঞান, কলা-কৃষ্টি, হাদিচ-কোৰান আদিৰ মাজেৰে অসমীয়া সাহিত্যলৈ বৰঙনি যোগোৱাৰ কথা কোৱা হৈছে।

মন কৰিব লগীয়া যে, বৌদ্ধ সাহিত্যৰ দৰে ধৰ্মীয় সাহিত্যৰ চৰ্চা ঠাই বিশেষে অপ্ৰবল ৰূপত আছে যদিও অসমীয়া সমাজজীৱনত ধৰ্ম প্ৰধান স্ৰোত হৈ থকা নাই। বিভিন্ন থলুৱা নৃগোষ্ঠীয় জীৱন প্ৰণালীৰ মিশ্ৰণত সৃষ্ট সংস্কৃতিয়েই সদায় চকুৰ আগত থকা অসমীয়া সমাজে মাত্ৰাধিক ধৰ্ম-কেন্দ্ৰিক তৎপৰতাক সদায় সন্দেহৰ চকুৰে চাই আহিছে।

আনহাতে ধৰ্মীয় মেৰুকৰণ বৃদ্ধিৰ লগে লগে অসমীয়া ইছলামিক সমাজখন লাহে লাহে ইছলামিক ধ্বজাৰ তলত অধিক সংগঠিত হোৱা দেখা গৈছে আৰু অসমীয়া সমাজখনৰ পৰা বিচ্ছিন্নতাৰ প্ৰৱণতা এটাই মূৰ দাঙি উঠিছে।

কাজেই “অসম ইছলামিক সাহিত্য সভা”ৰ দৰে সংগঠন অসমীয়া সাহিত্য, সমাজৰ হিতকৰ হোৱাৰ বিপৰীতে দেখা পোৱাৰ শংকা এই ছ’চিয়েল মিডিয়াৰ বক্তব্যবোৰৰ মাজত ফুটি উঠিছে।

অসমীয়া ইছলামিক সমাজৰো বহুতো লোকে ছ’চিয়েল মিডিয়াত অসম ইছলামিক সাহিত্য সভাৰ বিৰোধিতা কৰাটো লক্ষণীয়।

Recent News

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd