ভাৰতত নিৰ্মাণ কৰা হ’ব ছুখই SU-57 যুঁজাৰু বিমান। ভাৰতৰ অন্যতম মিত্ৰ ৰাষ্ট্ৰ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰিব ছুখই SU-57 যুঁজাৰু বিমান। মেক ইন ইণ্ডিয়াৰ অংশ হিচাপে ভাৰতে যুঁজাৰু বিমান ছুখই SU-57 নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে ।
শেহতীয়াকৈ ভাৰত আৰু ৰাছিয়াৰ মাজত হৈ যোৱা এক সামৰিক চুক্তি অনুসৰি ৰাছিয়াৰ ভাৰতত বিনিয়োগৰ পৰিকল্পনা কৰিছে। সেই পৰিকল্পনা অনুসৰি হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল) ছুখই SU-57 নিৰ্মাণ কৰিব।
উল্লেখ্য যে, ৰাছিয়াৰ এই অত্যাধুনিক যুঁজাৰু বিমান আমেৰিকাৰ এফ-৩৫ যুঁজাৰু বিমানৰ সমপৰ্যায়ৰ। আমেৰিকাৰ পৰা ভাৰতে এফ-৩৫ যুঁজাৰু বিমান ক্ৰয় কৰাৰো পৰিকল্পনা কৰি আছিল। কিন্তু শেহতীয়াকৈ ভাৰত-আমেৰিকাৰ সম্পৰ্কত তিক্ততা আহি পৰাৰ বাবে এতিয়া ভাৰতে আমেৰিকাৰ পৰা ক্ৰয় নকৰে এফ-৩৫ যুঁজাৰু বিমান।