ভাৰতে ক’ৰ’নাৰ বিৰুদ্ধে অব্যাহত ৰখা যুদ্ধত জয়ী হ’ব : নীতি আয়োগ

ড০ ভি কে পল

ভাৰতে ক’ৰ’নাৰ বিৰুদ্ধে সুন্দৰভাৱে যুদ্ধ কৰি আছে আৰু এই যুদ্ধত ভাৰতে জয়ী হ’ব বুলি বৃহস্পতিবাৰে নীতি আয়োগৰ সদস্য ড০ ভি কে পলে মন্তব্য কৰে।

ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰনৰ ক্ষেত্ৰত ভাৰতে যদিও চীনৰ সৈতে একে নীতি অৱলম্বন কৰিছে তথাপি ভাৰতত বিভিন্ন স্থানৰ পৰা ভ্ৰমণকাৰী সকলৰ সৈতে অহা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ইয়াৰ অভিজ্ঞতা কিছু বেলেগ হৈছে।

সমগ্ৰ বিশ্বৰে ক’ৰ’নাৰ সৈতে চলি থকা যুদ্ধত লাভ কৰা অভিজ্ঞতা চীনৰ সৈতে পৃথক বুলিও নীতি আয়োগৰ সদস্য গৰাকীয়ে মত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও নীতি আয়োগে ভাৰতত জুন-জুলাইৰ পাছত ক’ৰ’নাৰ সংক্ৰমণৰ সংখ্যা হ্ৰাস পাব বুলি কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছিল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে।

ভাৰতে আজি ব্ৰিটেইনত অতিক্ৰম কৰি বিশ্বৰ ক’ৰ’না আক্ৰান্ত দেশসমূহৰ ভিতৰত চতুৰ্থ স্থানলৈ উন্নীত হৈছে।

বৃহস্পতিবাৰে সন্ধিয়ালৈকে ব্ৰিটেইনত আক্ৰান্তৰ সংখ্যা আছিল ২ লাখ ৯১ হাজাৰ ৫৮৮জন। আনহাতে, তৃতীয় স্থানত থকা ৰাছিয়াত আক্ৰান্তৰ সংখ্যা হৈছে ৪লাখ ৯৩হাজাৰ।

সেইদৰে দ্বিতীয় স্থানত থকা ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা হৈছে ৭লাখ ৭২হাজাৰ আৰু প্ৰথম স্থানত থকা আমেৰিকাত এই সংখ্যা ২০ লাখতকৈয়ো অধিক।

আনহাতে, ভাৰতত বৃহস্পতিবাৰে সন্ধিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ২ লাখ ৯৫হাজাৰ ৭৭২জন।