পুনৰ শ্বাসৰুদ্ধ চুপাৰ অভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে বিজয়ৰ হাঁহি বিৰাট বাহিনীৰ

virat-kohli

বিৰাট কোহলী

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত পঞ্চমখন টি-২০ত হ্যমিল্টনৰ পুনাবৃত্তি হ’ল ওয়েলিংটনত।

ওয়েলিংটনত অনুষ্ঠিত পঞ্চমখন টি-২০ত শ্বাসৰুদ্ধকৰ খেলত পুনৰ চুপাৰ অভাৰত জয়ী হয় বিৰাট কোহলী নেতৃত্বাধীন ভাৰত।

চুপাৰ অভাৰত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি জাচপ্ৰীত বুমৰাহৰ বলিঙৰ বিৰুদ্ধে এটা উইকেট হেৰুৱাই ১৩ ৰান সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত ভাৰতৰ হৈ কে এল ৰাহুল আৰু বিৰাট কোহলীয়ে বেটিং কৰিবলৈ আহি প্ৰয়োজনীয় ১৪ ৰান সংগ্ৰহ কৰে।

কে এল ৰাহুলে টীম চাউথিৰ প্ৰথম দুটা বলতে ছয় আৰু চাৰিৰে ১০ ৰান সংগ্ৰহ কৰি তৃতীয় বলত আউট হ’লেও অধিনায়ক বিৰাট কোহলীয়ে অতি সহজে বাকী থকা ৰানখিনি সংগ্ৰহ কৰি ভাৰতক শৃংখলাত ৪-০ অগ্ৰগতি প্ৰদান কৰে।

উল্লেখযোগ্য যে, চুপাৰ অভাৰৰ পূৰ্বে চতুৰ্থ টি-২০ত নিউজিলেণ্ডে প্ৰথমে টছত জয়ী হৈ ভাৰতক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়।

ভাৰতে আজি দুৰ্বল বেটিং প্ৰদৰ্শন কৰে যদিও মনীষ পাণ্ডে আৰু কে এল ৰাহুলৰ ৫০ আৰু ৩৯ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে বেটিং কৰিবলৈ আহি অপেনাৰ কলিন মুনৰো আৰু উইকেট ৰক্ষক টীম চেইফাৰ্টৰ বিস্ফোৰক বেটিঙেৰে অতি সহজতে বিজয়ৰ লক্ষ্যত উপনীত হোৱাৰ পথত আছিল যদিও ১৯ আৰু ২০ নং অভাৰত ক্ৰমে নৱদ্বীপ চাইনী আৰু চাৰ্দুল ঠাকুৰে দৰ্শনীয় বলিং কৰি মেচখন চুপাৰ অভাৰলৈ লৈ যায়।

নিউজিলেণ্ডক অন্তিম অভাৰত বিজয়ৰ বাবে ৭ ৰানৰ প্ৰয়োজন আছিল যদিও তেওঁলোকে উক্ত অভাৰটোত মাত্ৰ ৬ ৰানতে ৪ টা উইকেট হেৰুৱায়।

অন্তিম অভাৰত সুন্দৰ বলিং প্ৰদৰ্শন কৰা চাৰ্দুল ঠাকুৰক মেন অব দ্যা মেচ ঘোষণা কৰা হয়।