• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Asian Games 2023: শ্ৰীলংকাক পৰাস্ত কৰি মহিলা ক্ৰিকেটত ঐতিহাসিক সোণৰ পদক লাভ ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2023 3:56 pm
3.5k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে এছিয়ান গেমছত মহিলা ক্ৰিকেট ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰে। কম স্ক’ৰৰ মেচখনত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতে সোণৰ পদক অৰ্জন কৰে। মেচখনত ভাৰতে ১৯ ৰাণত জয়লাভ কৰে।

শ্ৰীলংকাই ১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৮ উইকেট হেৰুৱাই ৯৭ ৰানত ইনিংছ সামৰে। ভাৰতৰ হৈ তিতাসে ৪ অভাৰ বলিং কৰি ১ মেডেনসহ ৬ ৰাণত ৩ উইকেট দখল কৰে। সেইদৰে, ৩ অভাৰ বলিং কৰি ২০ ৰানত ২টা উইকেট দখল কৰে ৰাজেশ্বৰী গাইকৱাদে।

আনহাতে, ২৫ ৰান দি ১টা উইকেট দখল কৰে দীপ্তি শৰ্মাই। পূজা বষ্ট্ৰকাৰে ২০ ৰান দি ১টা উইকেট আৰু ১৫ ৰাণ দি ১টা উইকেট দখল কৰে দেৱীকা বৈদ্যই।

লগতে পঢ়ক: এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ, সোমবাৰে শ্বুটিঙত বিশ্ব অভিলেখ গঢ়ি চেম্পিয়ন ৩ ভাৰতীয়

ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে টছত জয়লাভ কৰি এই মেচত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। নিৰ্দ্ধাৰিত ২০ অভাৰত ভাৰতে ৭ উইকেটত ১১৬ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ স্মৃতি মন্ধনাই ৪৬ ৰান সংগ্ৰহ কৰে। জেমিমা ৰড্ৰিগেজে ৪২ ৰান সংগ্ৰহ কৰে।

আন কোনো ভাৰতীয় বেটছমেনে দুটা অংকৰ ৰান কৰিব নোৱাৰিলে। শেফালী বাৰ্মাই ৯ ৰান সংগ্ৰহ কৰে। উইকেটকীপাৰ বেটছমেন ৰিচা ঘোষে কৰে ৯ ৰান। হৰমনপ্ৰীতে মাত্ৰ ২ ৰানতে আউট হয়। পূজাৰ সংগ্ৰহ ২ ৰান। অমনজোত কৌৰে ১ ৰান কৰে আৰু ১ ৰানত অপৰাজিত হৈ ৰয় দীপ্তি।

শ্ৰীলংকাৰ হৈ উদেশিকা প্ৰবোধনীয়ে ১৬ ৰানত ২টা উইকেট দখল কৰে। সুগন্ধিকা কুমাৰীয়ে ৩০ ৰানত ২টা উইকেট দখল কৰে। ইনোকা ৰণবীৰাই ২১ ৰাণত দখল কৰে ২টা উইকেট।

লগতে পঢ়ক: India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আৰম্ভণিতে ৰান অনুসৰণ কৰি তিতাসৰ আক্ৰমণত দিশহাৰা হৈ পৰে শ্ৰীলংকা। ১৪ ৰানৰ ভিতৰত ৩ উইকেট হেৰুৱায়। তিতাসে তৃতীয় অভাৰত অনুষ্কা সঞ্জীৱনী (১) আৰু ভীষ্মী গুণৰত্ন (০)ৰ উইকেট দখল কৰে। তাৰ পাছত পঞ্চম অভাৰত তিতাসে শ্ৰীলংকাৰ অধিনায়ক আটাপট্টুক ১২ ৰানত কৰি আউট কৰি খেলখন ভাৰতৰ হাতলৈ আনে।

পিছত হাছিনি পেৰেৰা (২৫), নীলাক্ষী দে ছিলভা (২৩), ওছাদি ৰণসিংহেই (১৯) অলপ যুঁজ দিয়ে। কিন্তু শ্ৰীলংকাক জয়ী কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নাছিল। ভাৰতে এক সুন্দৰ প্ৰদৰ্শনেৰে সোণৰ পদক অৰ্জন কৰে। 

Recent News

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd