NORTHEAST NOW (Assamese)

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা কৰাৰ ঘোষণা ভাৰতীয় বংশোদ্ভূত বিবেক ৰামস্বামীৰ

February 22, 2023 12:19 pm · এন ই নাও নিউজ, গুৱাহাটী
বিবেক ৰামস্বামী। ফটো: সংগৃহিত।

ইয়াৰ পূৰ্বে ভাৰতীয় বংশোদ্ভূত নিকি হেলীয়ে ঘোষণা কৰিছিল যে তেওঁ ২০২৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। এইবাৰ আন এজন ভাৰতীয় বংশোদ্ভূত আৰু ৰিপাব্লিকান নেতাই নিজকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

এগৰাকী ৩৭ বছৰীয়া উদ্যোগপতি বিবেক ৰামস্বামীয়ে দাবী কৰিছে যে নিৰ্বাচিত হ’লে তেওঁ চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু যোগ্যতাৰ ভিত্তিত আমেৰিকা পুনৰ নিৰ্মাণ কৰিব।

ৰামস্বামীৰ শিপা ভাৰতৰ কেৰালাত। তেওঁৰ পৰিয়ালে তাৰ পৰা অ’হিঅ’ৰ এটা শক্তি প্ৰকল্পত কাম কৰিবলৈ আমেৰিকালৈ গুচি গৈছিল। এটা টিভি সাক্ষাৎকাৰত তেওঁ দ্বিতীয় ভাৰতীয় বংশোদ্ভূত আৰু ৰিপাব্লিকান প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা কৰিছে।

তেওঁ কয়, “মই ঘোষণা কৰি গৌৰৱান্বিত যে মই এই দেশখনৰ হেৰুওৱা আদৰ্শ ঘূৰাই আনিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম।‘’ ৰামস্বামীয়ে লগতে কয় যে তেওঁ আমেৰিকাৰ সকলো স্তৰতে দেশীয় প্ৰতিভা ঘূৰাই আনিবলৈ সংকল্পবদ্ধ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে নিকি হেলীয়ে ঘোষণা কৰিছিল যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। নিকিয়ে নিজকে এজন ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ গৌৰৱান্বিত কন্যা বুলি দাবী কৰিছিল। তেওঁ আমেৰিকাৰ ইতিহাস পুনৰ লিখাৰ সময় হৈছে বুলিও মন্তব্য কৰিছিল। এইবাৰ ৰামাস্বামীৰ কণ্ঠতো প্ৰায় একেই সুৰ শুনা গৈছে।

২০২৪ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰা ডোনাল্ড ট্ৰাম্প প্ৰথম প্ৰাৰ্থী। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে তেওঁ আগতকৈ অধিক আগ্ৰাসী আৰু প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু তেওঁক প্ৰত্যাহ্বান জনাইছে ৰিপাব্লিকান নেত্ৰী নিকি আৰু নেতা ৰামাস্বামীয়ে।

Related News