DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা কৰাৰ ঘোষণা ভাৰতীয় বংশোদ্ভূত বিবেক ৰামস্বামীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2023 12:19 pm
বিবেক ৰামস্বামী। ফটো: সংগৃহিত।

বিবেক ৰামস্বামী। ফটো: সংগৃহিত।

146
VIEWS
Share on FacebookShare on Twitter

ইয়াৰ পূৰ্বে ভাৰতীয় বংশোদ্ভূত নিকি হেলীয়ে ঘোষণা কৰিছিল যে তেওঁ ২০২৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। এইবাৰ আন এজন ভাৰতীয় বংশোদ্ভূত আৰু ৰিপাব্লিকান নেতাই নিজকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

এগৰাকী ৩৭ বছৰীয়া উদ্যোগপতি বিবেক ৰামস্বামীয়ে দাবী কৰিছে যে নিৰ্বাচিত হ’লে তেওঁ চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু যোগ্যতাৰ ভিত্তিত আমেৰিকা পুনৰ নিৰ্মাণ কৰিব।

ৰামস্বামীৰ শিপা ভাৰতৰ কেৰালাত। তেওঁৰ পৰিয়ালে তাৰ পৰা অ’হিঅ’ৰ এটা শক্তি প্ৰকল্পত কাম কৰিবলৈ আমেৰিকালৈ গুচি গৈছিল। এটা টিভি সাক্ষাৎকাৰত তেওঁ দ্বিতীয় ভাৰতীয় বংশোদ্ভূত আৰু ৰিপাব্লিকান প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা কৰিছে।

তেওঁ কয়, “মই ঘোষণা কৰি গৌৰৱান্বিত যে মই এই দেশখনৰ হেৰুওৱা আদৰ্শ ঘূৰাই আনিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম।‘’ ৰামস্বামীয়ে লগতে কয় যে তেওঁ আমেৰিকাৰ সকলো স্তৰতে দেশীয় প্ৰতিভা ঘূৰাই আনিবলৈ সংকল্পবদ্ধ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে নিকি হেলীয়ে ঘোষণা কৰিছিল যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। নিকিয়ে নিজকে এজন ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ গৌৰৱান্বিত কন্যা বুলি দাবী কৰিছিল। তেওঁ আমেৰিকাৰ ইতিহাস পুনৰ লিখাৰ সময় হৈছে বুলিও মন্তব্য কৰিছিল। এইবাৰ ৰামাস্বামীৰ কণ্ঠতো প্ৰায় একেই সুৰ শুনা গৈছে।

২০২৪ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰা ডোনাল্ড ট্ৰাম্প প্ৰথম প্ৰাৰ্থী। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে তেওঁ আগতকৈ অধিক আগ্ৰাসী আৰু প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু তেওঁক প্ৰত্যাহ্বান জনাইছে ৰিপাব্লিকান নেত্ৰী নিকি আৰু নেতা ৰামাস্বামীয়ে।

Recent News

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল :  ৰাকেশ পালে পালে জামিন

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল : ৰাকেশ পালে পালে জামিন

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd