চলিত সপ্তাহত কেইবাখনো উচ্চস্তৰীয় বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল ভ্ৰমণলৈ যাব ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱন।
ভ্ৰমণৰ সময়ত স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে দুয়োখন দেশৰ মাজত শেহতীয়াভাৱে উদ্ভৱ হোৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।
সেনা প্ৰধানগৰাকীয়ে নিজৰ ভ্ৰমণৰ পূৰ্বে মত প্ৰকাশ কৰি কয় যে এই ভ্ৰমণে দুয়োখন দেশৰ সেনাৰ মাজত মিত্ৰতাই মজবুট ৰূপ ধাৰণ কৰিব।
উল্লেখ্য যে এই ভ্ৰমণৰ সময়তে সেনা প্ৰধানগৰাকীক ‘দ্যা জেনেৰেল অফ দ্যা নেপাল আৰ্মী’ শীৰ্ষক সন্মানেৰেও সন্মানিত কৰিব।
মঙলবাৰে জেনেৰেল নাৰাৱনে কয়, ‘এইধৰণৰ নিমন্ত্ৰণৰ জৰিয়তে নেপাল ভ্ৰমণ আৰু মোৰ সমকক্ষ জেনেৰেল পূৰ্ণ চন্দ্ৰ থাপাক লগ কৰিব পোৱাটো আনন্দৰ খবৰ। মোৰ বিশ্বস এই ভ্ৰমণে দুয়োখন দেশৰ সেনাৰ মাজত মিত্ৰতাই মজবুট ৰূপ পাব’।
তেওঁ লগতে নেপালৰ প্ৰধান মন্ত্ৰীয়ে আমন্ত্ৰণ জনোৱাত আনন্দিত বুলিও মন্তব্য কৰে।
এই প্ৰসংগত তেওঁ কয়, ‘নেপালৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা মোক ‘দ্যা জেনেৰেল অফ দ্যা নেপাল আৰ্মী’ শীৰ্ষক সন্মান প্ৰদান কৰাটো মোৰ বাবে যথেষ্ট সন্মানৰ কথা’।
উল্লেখ্য যে নেপাল আৰু ভাৰতীয় সেনাৰ মাজৰ সম্বন্ধ মজবুট আৰু অটুট ৰখাৰ উদ্দেশ্যে এই পৰম্পৰাগত সন্মান প্ৰদান কৰি আহিছে। ১৯৫০ চনৰ পৰাই এই সন্মান প্ৰদান কৰি অহা হৈছে।
ভাৰতেও নেপাল সেনাৰ প্ৰধানক ‘জেনেৰেল অফ ইণ্ডিয়ান আৰ্মী’ শীৰ্ষক সন্মান প্ৰদান কৰি আহিছে।