NORTHEAST NOW (Assamese)

কাৰ্গিল যুদ্ধৰ স্মৃতিত নিৰ্মিত ভিডিঅ’ত তাৰকাৰ মাজত অসমৰ জুবিন-যতীন

July 6, 2019 11:17 am · এন ই নাও নিউজ
Updated: July 6, 2019 11:24 am
বিপিন ৰাৱাট, যতীন বৰা আৰু জুবিন গাৰ্গ। সম্পাদিত আলোকচিত্ৰ

ঐতিহাসিক কাৰ্গিল যুদ্ধৰ শ্বহীদ আৰু প্ৰবীণ যুদ্ধ সৈনিক সকলক কৃতজ্ঞতা জ্ঞাপনৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে প্ৰস্তুত কৰা এটা ভিডিঅ’ সংগীতত পুনৰবাৰ অসম আৰু উত্তৰ-পূবক সগৌৰৱে উপস্থাপন কৰা হয়।

ভিডিঅ’টোত বলীউদৰ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্ছন, সুনীল চেত্ৰী, চলমান খান, ভিকি কৌশল আদিৰ লগতে অসমৰ জয়প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, অভিনেতা যতীন বৰা, আইমী বৰুৱা আৰু তাৰকা বক্সাৰ তথা মণিপুৰৰ জিয়ৰী মেৰীকমে ভূমুকি মাৰে।

আৰ্মি সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱাটে শুকুৰবাৰে নতুন দিল্লীত ২০ সংখ্যক কাৰ্গিল বিজয় দিৱস পালনৰ পূৰ্বে যুদ্ধত প্ৰাণ আহুতি দিয়া সৈনিকসকল আৰু বৰ্ষীয়ান সেনাবাহিনীৰ জোৱানসকলক সন্মান জনোৱাৰ উদ্দেশ্যৰে প্ৰস্তুত কৰা ভিডিঅ’ ছংটো মুকলি কৰে।

গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ৰাৱাটে পাকিস্তানে ভবিষ্যতে কেতিয়াও দ্বিতীয়বাৰৰ বাবে ভাৰতৰ মাটিত প্ৰৱেশ কৰাৰ সাহস কৰিব নোৱাৰে বুলি উল্লেখ কৰে।

কাৰ্গিল যুদ্ধৰ নায়কসকলক কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্য নিৰ্মান কৰা ভিডিঅ’ ছংটো পৰিচালনা কৰে অসমৰ সুসন্তান জুৱানা জৈন আৰু তেওঁৰ স্বামীয়ে। গীতটোৰ কথা প্ৰখ্যাত হিন্দী গীতিকাৰ সমীৰ অঞ্জনৰ আৰু কণ্ঠ নিগৰাইছে সমীৰ আৰু সতদ্ৰু কবিৰে।

পৰিচালক জানুৱা জৈন গুৱাহাটীৰ প্ৰয়াত ভূপেন্দ্ৰ নাথ ভাগৱতী আৰু ড০ নিলিমা ভাগৱতীৰ কন্যা।

Related News