NORTHEAST NOW (Assamese)

ৰুদ্ৰমূৰ্তি ধাৰণ কৰা বানৰ কৱলৰ পৰা ১৫০জন লোকক উদ্ধাৰ ভাৰতীয় সেনাৰ

July 25, 2019 9:55 am · এন ই নাও নিউজ
Updated: July 25, 2019 10:06 am
সেনা বাহিনীয়ে চলোৱা উদ্ধাৰ কাৰ্যৰ দৃশ্য। ফটো : নৰ্থ-ইষ্ট নাও

নামনি অসমৰ নলবাৰী জিলাত বুধবাৰে ভাৰতীয় সেনাৰ এটা দলে ভয়াবহ বানৰ কবলত পৰা ১৫০ জন লোকক উদ্ধাৰ কৰে। বুধবাৰে গুৱাহাটীস্থিত ভাৰতীয় সেনাৰ এজন বিষয়াই এই কথা জনায়।

জানিব পৰা মতে ভূটানৰ পৰা নামি অহা পানী পাগলাদিয়াৰ ভঙা মথাউৰিৰে সোমৱাত জিলাখনৰ বালিতাৰা গাঁৱত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰতে পানী সোমোৱাত লোকসকল ঘৰতে আৱদ্ধ হৈ পৰিছিল। এই কথা জানিব পাৰি লগে লগে সেনা বাহিনীৰ এটা দল গাঁওখনত উপস্থিত হৈ সেই লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ আহে।

উদ্ধাৰৰ দৃশ্য

‘এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। পানীৰ পৰিমান বহু বেছি আৰু ইয়াৰ সোঁতো তীব্ৰ আছিল। ইয়াৰ মাজতো আমাৰ সেনা জোৱানে লোকসকলক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে’। এইদৰে কয় এজন সেনা বিষয়াই।

উল্লেখ্য যে বানৰ ভয়াবহ কৱলৰ পৰা ভাৰতীয় সেনা বাহিনীয়ে এই পৰ্যন্ত ৰাজ্যখনৰ মুঠ ৪০০০ হেজাৰ লোকক উদ্ধাৰ কৰিছে। আনহাতে সেনা বাহিনীৰ ফালৰ পৰা ৫,৫০০ৰৰো অধিক লোকক চিকিৎসা সেৱা আগবঢ়োৱা হোৱা বুলিও গুৱাহাটীস্থ সেনাবাহিনীৰ জনসম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Related News