NORTHEAST NOW (Assamese)

তহল দিয়াৰ সময়ত ভৰি থলে লেণ্ডমাইনত : কাশ্মীৰত ছহিদ ভাৰতীয় সেনা জোৱান

December 11, 2024 1:12 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ভাৰত-পাক সীমান্তত নিয়মীয়া তহল টহল দিয়াৰ সময়ত ভয়ংকৰ ঘটনা সংঘটিত হয়। শত্ৰুৱে স্থাপন কৰা লেণ্ডমাইনত ভৰি থৈ প্ৰাণ হেৰুৱাই এগৰাকী ভাৰতীয় সেনাই।

সোমবাৰে সন্ধিয়া কাশ্মীৰৰ পুঞ্চ জিলাৰ সবজিয়ান ছেক্টৰত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে মৃত জোৱানজনৰ নাম চুববাইয়া বৰিকুন্তা। তেওঁ চেন্নাইৰ বাসিন্দা আৰু ভাৰতীয় সেনাৰ ২৫ আৰ আৰ ব্ৰিগেডৰ হাবিলদাৰ আছিল।

সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, নিয়ন্ত্ৰণ ৰেখাত আন দিনৰ দৰে নিয়মীয়া তহল চলি আছিল। সেই সময়ত জোৱানজনৰ ভৰি মাটিত পুতি থোৱা লেণ্ডমাইনৰ ওপৰত পৰিল। প্ৰচণ্ড বিস্ফোৰণৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। সেই অৱস্থাত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল যদিও চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে তেওঁৰ মৃত্যু হয়।

Related News