নতুন বিশ্ব ৰেকৰ্ডৰ অধিকাৰী হ’ল বিৰাট কোহলী; কি ভাঙিলে, কি গঢ়িলে? চাওক…

6_081119112520

বিৰাট কোহলী। ফটো: ইন্টাৰনেট

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে পৰ্ট অফ স্পেইনত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া মেচত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে বিস্ফোৰক শতক অৰ্জন কৰে।

কোহলীয়ে কেৰিবিয়ান বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি নিজৰ এদিনীয়া আন্তৰ্জাতিক কেৰিয়াৰৰ ৪২সংখ্যক শতক অৰ্জন কৰে।

চলিত এদিনীয়া চিৰিজটোত কোহলীৰ এইটো প্ৰথম শতক। ৱেষ্টইণ্ডিজৰ বিপক্ষে কোহলীয়ে ১১২ টা বলত শতৰাণ সম্পূৰ্ণ কৰে।

কোহলীয়ে মুঠতে ১২০ ৰাণ কৰে। তেওঁ এই ইনিংছটোত ১৪টা চাৰি আৰু এটা ছয় কোবায়।

বিৰাট কোহলীয়ে পূৰ্বৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰৰ আটাইতকৈ কম ইনিংছত ৪২ টা শতক অৰ্জনৰ বিশ্ব ৰেকৰ্ড ভংগ কৰে।

ত্ৰিশ বছৰীয়া কোহলীয়ে তেওঁৰ ৪২ সংখ্যক আন্তৰ্জাতিক শতকৰ বিশ্ব ৰেকৰ্ড স্পৰ্শ কৰিবলৈ ২৩৮ খন এদিনীয়াত অংশ লৈ ২২৯ টা ইনিংছ খেলে।

ভাৰতৰ পূৰ্বৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰে তেওঁৰ কেৰিয়াৰত ৪০৬ খন এদিনীয়া আন্তৰ্জাতিকৰ ইনিংছত ৪২ টা শতক অৰ্জনৰ অভিলেখ গঢ়িছিল।

শচীনে ২০০৮ চনৰ ২ মাৰ্চত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত তেওঁৰ ৪২ সংখ্যক আন্তৰ্জাতিক শতকটো অৰ্জন কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ৩৫ বছৰ।

বিৰাট কোহলী। ফটো : ইন্টাৰনেট

সামগ্ৰিকভাৱে এদিনীয়া আন্তৰ্জাতিক মেচৰ ক্ষেত্ৰত বিৰাট কোহলী বিশ্বৰ সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেনৰ ভিতৰত দ্বিতীয় স্থানত আছে।

এই তালিকাত ১০০ টা আন্তৰ্জাতিক শতক অৰ্জনেৰে পূৰ্বৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰ শীৰ্ষ স্থানত আছে।

শচীনৰ পাছতে ৭১ টা আন্তৰ্জাতিক শতক অৰ্জনেৰে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিং।

বিৰাট কোহলীৰ বৰ্তমান আন্তৰ্জাতিক মেচত শতকৰ সংখ্যা হ’লগে ৬৭টা। পন্টিঙৰ ৭১টা  আন্তৰ্জাতিক শতকৰ ৰেকৰ্ড ভংগ কৰিবলৈ কোহলীক এতিয়া আৰু ৫টা শতকৰ প্ৰয়োজন।

এদিনীয়া আন্তৰ্জাতিক মেচত সৰ্বাধিক শতক অৰ্জনকাৰীঃ

শচীন তেণ্ডুলকাৰ-৪৯

বিৰাট কোহলী-৪২টা

ৰিকি পন্টিং-৩০টা

সনথ জয়সূৰ্য-২৮টা

হাছিম আমলা/ৰোহিত শৰ্মা-২৭টা

আন্তৰ্জাতিক মেচত সৰ্বাধিক শতক অৰ্জনকাৰীঃ

শচীন তেণ্ডুলকাৰ-১০০টা

ৰিকি পন্টিং-৭১টা

বিৰাট কোহলী-৬৭টা

কুমাৰ ছাংগাকাৰ-৬৩টা

জেক কালিছ- ৬২টা

এদিনীয়া আন্তৰ্জাতিক মেচত সৰ্বাধিক ৰাণ অৰ্জনকাৰীঃ

শচীন তেণ্ডুলকাৰ-১৮৪২৬ ৰাণ

কুমাৰ ছাংগাকাৰ-১৪২৩৪ ৰাণ

ৰিকি পন্টিং-১৩৭০৪ ৰাণ

সনথ জয়সূৰ্য-১৩৪৩০ ৰাণ

মহিলা জয়বৰ্ধনে-১২৬৫০ ৰাণ

ইনজামামুল হক- ১১৭৩৯ ৰাণ

জেক কালিছ-১১৫৭৯ ৰাণ

বিৰাট কোহলী-১১৩৬৫ ৰাণ

সৌৰভ গাংগুলী-১১৩৬৩ ৰাণ