সাগৰত আৱদ্ধ হৈ পৰা ১৯ গৰাকী বাংলাদেশী নাগৰিকক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে মঙলবাৰে সাগৰত দিশহাৰা হৈ পৰা এখন বাংলাদেশী নাওৰ পৰা ১৯ গৰাকী বাংলাদেশী নাগৰিকক উদ্ধাৰ কৰে।

যান্ত্ৰিক বিজুতিৰ বাবে ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত আৱদ্ধ হৈ পৰা ‘ৰানা’ নামৰ নাওখনৰ পৰা বাংলাদেশী নাগৰিক কেইগৰাকীক উদ্ধাৰ কৰি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰাৰ লগতে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে।

আনহাতে, এই উদ্ধাৰ অভিযানৰ পাছতে উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ অভিযান সম্পৰ্কত বাংলাদেশস্থিত ভাৰতীয় দূতাবাশক অৱগত কৰে।

পৰৱৰ্তী সময়ত ভাৰতীয় দূতাবাশে বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰি বাংলাদেশী নাগৰিক কেইগৰাকীক নিজ দেশলৈ উভতি যোৱাত পদক্ষেপ গ্ৰহণ কৰে।

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জানিবলৈ দিয়া অনুসৰি মাছমৰীয়া নাওখন প্ৰায় ১০ দিন ধৰি আৱদ্ধ হৈ আছিল।

‘‘আন্তৰিক সাগৰীয় বন্ধু আৰু বন্ধুত্বৰ প্ৰয়োজন……ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ ভাৰাডে সাগৰৰ মাজত আৱদ্ধ ১৯ গৰাকী বাংলাদেশী নাগৰিকক উদ্ধাৰ কৰে,’’ বাংলাদেশস্থিত ভাৰতীয় দূতাবাসে এইদৰে টুইট কৰে।