• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিযন্তা দিৱস বিশেষ: অভিযন্তাৰ পৰা ক্ৰিকেটাৰ হোৱা কেইগৰাকীমান ভাৰতীয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2023 4:49 pm
Engineers Day
458
VIEWS
Share on FacebookShare on Twitter

আজি অভিযন্তা দিৱস। ছাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ জন্ম তাৰিখ ১৫ ছেপ্টেম্বৰত দেশত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় অভিযন্তা দিৱস হিচাপে।

ভাৰতৰ লগতে আজিৰ দিনটোতে শ্ৰীলংকা আৰু তাঞ্জানিয়াতো প্ৰত্যেক বৰ্ষত অভিযন্তা দিৱস পালন কৰা হয়।

অভিযন্তা দিৱসৰ দিনটোতে অভিযন্তাৰ কেৰিয়াৰ বাদ দি ভাৰতীয় ক্ৰিকেট দলক আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰা কেইগৰাকীমান ক্ৰিকেটাৰৰ বিষয়ে জানো আহক:

১/ ৰবিচন্দ্ৰন অশ্বিন

Why off-spinner R Ashwin could make a comeback for the 50-over World Cup |  Cricket News - The Indian Express

ভাৰতীয় টেষ্ট দলৰ বলিং লাইন আপৰ অন্যতম প্ৰধান মেৰুদণ্ড ৰবিচন্দ্ৰন অশ্বিনে ক্ৰিকেট জগতত খোজ নিদিয়া হ’লে অভিযন্তাকে পেছা হিচাপে হয়তো গ্ৰহণ কৰিলেহেঁতেন।

তাৰকা অফ স্পিনাৰগৰাকীয়ে চেন্নাইৰ এছএছএন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তিত B.Tech ডিগ্ৰী লাভ কৰিছিল।

২)অনিল কুম্বলে

Anil Kumble to coach the National Indian Cricket team - Media India Group

কেৱল ভাৰতীয় ক্ৰিকেটৰে নহয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইতিহাসৰ অন্যতম সফল স্পিনাৰ অনিল কুম্বলে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক।

লেগ স্পিন বলাৰগৰাকীয়ে ১৯৯১-৯২ চনত বাংগালুৰুৰ ৰাষ্ট্ৰীয় বিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

৩)জৱাগল শ্ৰীনাথ

Nothing Against Private Academies, But Cricket Should Not Be Sold, It Has  To Be Taught – Javagal Srinath

৯০ৰ দশকত ভাৰতৰ পেচ বলিং আক্ৰমণৰ প্ৰধান কাণ্ডাৰী জৱাগল শ্ৰীনাথে ইনষ্ট্ৰুমেণ্টেচন টেকন’লজিত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

মাইচৌৰৰ শ্ৰী জয়চমৰাজেন্দ্ৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা আভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল।

৪) ই এ এছ প্ৰসন্ন

Remembering Erapalli Prassana: A Pillar In Indias Greatest Ever Spin Troika

১৯৬২ চনৰ পৰা ১৯৭৮ চনলৈকে ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা স্পিন বলাৰগৰাকীয়ে মাইচৌৰৰ নেচনেল ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিঙৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল।

৫)শ্ৰীনিবাসৰাঘৱন ভেংকটাৰঘৱন

Celebrating Venkataraghavan, a man of many parts | Cricket News - Times of  India

ভাৰতৰ হৈ ৭২খন আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লোৱা অফ স্পিন এছ ভেংকটাৰঘৱন চেন্নাইৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙ, গুইণ্ডিৰ পৰা অভিযান্ত্ৰিক স্নাতক।

৬) কৃষ্ণামচাৰী শ্ৰীকান্ত

Krishnamachari Srikkanth: Former Cricketer Kris Bio, Know about his Career,  family etc. He will soon be seen in tv show 'Smart Jodi'

১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য, একালৰ মাৰমুখী বেটাৰ কৃষ্ণামচাৰী শ্ৰীকান্ত ভাৰতৰ ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অ’পেনিং বেটাৰ।

শ্ৰীকান্তেও চেন্নাইৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙ, গুইণ্ডিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

৭/ ভেংকটেশ প্ৰসাদ

Former Indian Cricket Star Venkatesh Prasad | #site_titleKrishnarao Prasad,  a former Indian cricketer, world of cricket, wickets successful, remarkable  performances,

১৯৯৪ চনত অভিষেক ঘটা ভেংকটেশ প্ৰসাদে নব্বৈৰ দশকত জৱাগল শ্ৰীনাথৰ সৈতে ভাৰতীয় পেচ আক্ৰমণক এক গতি প্ৰদান কৰিছিল।

সহযোগী শ্ৰীনাথৰ দৰেই প্ৰসাদো পেছাত এগৰাকী অভিযন্তা। তেওঁ বাংগালুৰুৰ ৰমাইয়া ইনষ্টিটিউট অৱ টেকন’লজি (MSRIT)ৰ পৰা আভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল।

৮/ বৰুণ চক্ৰৱৰ্তী

Varun Chakravarthy 'the main guy' in the India bowling attack - Suresh Raina

ভাৰতীয় ‘মিষ্ট্ৰী’ স্পিনাৰ বৰুণ চক্ৰৱৰ্তীও পেছাত এগৰাকী অভিযন্তা। জুনিয়ৰ ক্ৰিকেটত কেইবাবাৰো প্ৰত্যাখ্যান হোৱাৰ পিছত তেওঁ ক্ৰিকেট ত্যাগ কৰি চেন্নাইৰ এছ আৰ এম বিশ্ববিদ্যালয়ত স্থাপত্যত আভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰে।

পাঁচ বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত বৰুণে আৰ্কিটেক্ট হিচাপে কাম কৰিছিল যদিও পিছত পুনৰ কেৰিয়াৰৰ প্ৰথম পচন্দ ক্ৰিকেটলৈ ঘূৰি আহে।

Zaheer Khan On His 'Keenness' To Become India's Bowling Coach

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল পেচাৰৰ অন্যতম তথা ২০১১ ৰ ক্ৰিকেট বিশ্বকাপত সৰ্বাধিক উইকেট দখলেৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা জাহিৰ খানেও মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল।

কিন্তু তেওঁৰ প্ৰশিক্ষক সুধীৰ নাইকৰ পৰামৰ্শ মানি তেওঁ ইঞ্জিনিয়াৰিং ত্যাগ কৰে আৰু পিছত ক্ৰিকেটতে সম্পূৰ্ণ ৰূপে মনোনিৱেশ কৰে।

Recent News

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd