NORTHEAST NOW (Assamese)

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাত কৰ্মৰত এজন ভাৰতীয় চফটৱেৰ ইঞ্জিনিয়াৰে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় ৯ মাহ পূৰ্বে আমেৰিকাৰ ৱাশ্বিংটন প্ৰদেশৰ দম্পতীহালৰ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল তেওঁৰ পত্নীৰ মৃতদেহ। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩০ বছৰীয়া অবিনাশ নাৰ্ণেক। ২৭ বছৰীয়া পত্নী ৰাজিতা ছাব্বিনেনীক ডিঙি চেপি হত্যা কৰি ঘটনাটোক বেলেগ ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে।

আৰক্ষীয়ে জনোৱা মতে, ২০২৫ চনৰ জুন মাহত অবিনাশ আৰু ৰাজিতা বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পিছত জুলাই মাহত দুয়ো আমেৰিকাত একেলগে থাকিবলৈ আৰম্ভ কৰে। কিন্তু তদন্তত পোহৰলৈ আহিছে যে বিয়াৰ পূৰ্বে ভাৰতৰ এগৰাকী যুৱতীৰ সৈতে অবিনাশৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু বিয়াৰ পিছতো সেই সম্পৰ্ক অব্যাহত আছিল।

স্থানীয় সংবাদ মাধ্যমে দাবী কৰে যে তদন্তত কেইবাটাও প্ৰমাণ পোৱা গৈছে যিয়ে অবিনাশৰ বিৰুদ্ধে উত্থাপিত অভিযোগক শক্তিশালী কৰি তুলিছে। অভিযোগ অনুসৰি পত্নীক হত্যা কৰাৰ পিছত ৰাজিতাৰ মৃতদেহৰ ছবি প্ৰেমিকালৈ প্ৰেৰণ কৰিছিল। কেৱল সেয়াই নহয়, হত্যাকাণ্ডৰ দিনটোত তেওঁ যুৱতীগৰাকীৰ সৈতে চাৰিবাৰকৈ ফোনত কথা পাতিছিল।

আৰক্ষীৰ নথি অনুসৰি ২০২৫ চনৰ ২৭ অক্টোবৰত অবিনাশে জৰুৰীকালীন সেৱালৈ ফোন কৰি কয় যে তেওঁ কিছু কাম কৰি ঘৰলৈ উভতি আহি বাথৰুমৰ দুৱাৰখন ভিতৰৰ পৰা তলা লগোৱা দেখিছিল। বহু ফোন কৰাৰ পিছতো তেওঁৰ পত্নীয়ে কোনো সঁহাৰি দিয়া নাই। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুৱাৰ ভাঙি বাথৰুমত প্ৰৱেশ কৰে। তাতে ৰাজিতা অচেতন অৱস্থাত মজিয়াত পৰি আছিল। পিছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাজিতাক ডিঙি চেপি হত্যা কৰা হৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত এইটোও পোহৰলৈ আহিছে যে তেওঁৰ মৃত্যুৰ পূৰ্বে ৰাজিতাই কেইবাবাৰো অভিযোগ কৰিছিল যে তেওঁৰ পানীয়ৰ সোৱাদ অস্বাভাৱিকভাৱে তিতা লাগিছে। মৃত্যুৰ দিনা তেওঁ স্বামীকো কৈছিল যে তেওঁৰ বাবে প্ৰস্তুত কৰা স্মুদিৰ সোৱাদ ঔষধ বা কাহৰ চিৰাপৰ দৰে লাগিছে।

দীৰ্ঘদিনীয়া তদন্তৰ অন্তত সংগ্ৰহ কৰা প্ৰমাণৰ ভিত্তিত অবিনাশক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত। আদালতে তেওঁৰ জামিন নিৰ্ধাৰণ কৰিছে ৫০ লাখ মাৰ্কিন ডলাৰ। আমেৰিকাৰ ৱাশ্বিংটন প্ৰদেশৰ আইন অনুসৰি এই অভিযোগ প্ৰমাণিত হ’লে অবিনাশক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হ’ব পাৰে। তদন্তকাৰী আৰু ভুক্তভোগীৰ পৰিয়ালে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে অপেক্ষা কৰি আছে।

Related News