প্ৰাক্তন ভাৰতীয় ফুটবল তাৰকা সুৰজিৎ সেনগুপ্তাৰ মৃত্যু

Surajit Sengupta

প্ৰাক্তন ভাৰতীয় ফুটবলাৰ তথা দেশৰ আগশাৰীৰ ফুটবল ক্লাৱ ইষ্ট বেংগলৰ কিংবদন্তী খেলুৱৈ সুৰজিৎ সেনগুপ্তাৰ আজি কলকাতাৰ এখন চিকিৎসালয়ত ক’ভিদ-১৯ৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।

ক’ভিদ সংক্ৰমণ ধৰা পৰাৰ পিছত সেনগুপ্তাক ২৩ জানুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। স্বাস্থ্যৰ অধিক অৱনতিৰ বাবে যোৱা সপ্তাহৰ পৰা তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল। অৱশেষত স্বাস্থ্যৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত আজি আবেলি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

সেনগুপ্তা ভাৰতীয় ফুটবলত ইষ্ট বেংগল ক্লাৱৰ সোণালী যুগৰ অংশ আছিল যেতিয়া তেওঁলোকে একেৰাহে ছয়।এই সময়ছোৱাত ক্লাৱটোৱে কলিকতা ফুটবল লীগ খিতাপ (১৯৭০-১৯৭৬) আৰু আইএফএ শ্বিল্ড ছয়বাৰ আৰু ডুৰাণ্ড কাপ তিনিবাৰ খিতাপ জয় কৰিছিল।

১৯৫১ চনৰ ৩০ আগষ্টত জন্মগ্ৰহণ কৰা সেনগুপ্তাই কিডাৰপুৰ ক্লাবত ফুটবল কেৰিয়াৰ আৰম্ভ কৰে। ইয়াৰ পিছতে তেওঁ কলকাতাৰ শীৰ্ষ তিনিটা ক্লাবক প্ৰতিনিধিত্ব কৰে।

উল্লেখ্য যে সেনগুপ্তাই ১৯৭০ চনৰ এছিয়ান গেমছৰ ব্ৰঞ্জ পদক অৰ্জন কৰা ভাৰতীয় ফুটবল দলৰ অংশ আছিল।

তেখেতৰ মৃত্যুত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনায়।

খেলুৱৈ জীৱনত ইষ্ট বেংগল ক্লাৱৰ হৈ নিজকে ক্লাৱটোৰ কিংবদন্তীত পৰিণত হোৱা সেনগুপ্তাৰ মৃত্যুত ইষ্ট বেংগল ক্লাৱটোৱেও টুইটাৰ যোগে শ্ৰদ্ধাঞ্জলি জনায়।

সেনগুপ্তালৈ শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় ফুটবল দলৰ অফিচিয়েল টুইটাৰ হেণ্ডলৰ পৰা এটা টুইট পোষ্ট কৰে।