NORTHEAST NOW (Assamese)

ক্ৰমশ: সূৰ্যোদয়:: ইণ্টাৰকণ্টিনেণ্টেল কাপৰ খিতাপ জয় ভাৰতৰ

June 18, 2023 11:58 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 19, 2023 12:49 am

১৪০ কোটিৰ জনসংখ্যাৰ দেশ, কিন্তু বিশ্ব ফুটবলত খোজ দিবলৈ নোলায় ১১ জনীয়া এটা দল! সততে ভাৰতীয়ৰ মুখত ধ্বনিত হয় এই অভিযোগ। ফিফা বিশ্বকাপৰ সময়তে কোবাল হৈ পৰে এই অভিযোগৰ ঢৌ। চাৰিবছৰৰ মূৰে মূৰে তীব্ৰ হৈ পৰা এই ঢৌ আকৌ হৈ পৰে নিস্ব:। এই অভিযোগৰ মাজতে আগবাঢ়ি গৈ থাকে ভাৰতীয় ফুটবল।

পিছে এদিনতে জানো সম্ভৱ বিশ্ব ফুটবলত দপদপনিৰ স্বপ্ন! এই কথা জানে ইগৰ ষ্টিমাকে। এই স্বপ্ন পূৰণৰ হিচাপ-নিকাচত ৰত ইগৰ, চলাই আছে পৰীক্ষা-নিৰীক্ষা। ১৪০ কোটি ভাৰতীয়ৰ অভিযোগৰ উত্তৰ দিবলৈ সাজু কৰাত মগ্ন এটি সুনিপুণ-সুকৌশলী দলৰ। সাৰথি ৩৮ বৰ্ষীয় তৰুণ সুনীল ছেত্ৰী।

ষ্টিমাকৰ এই নৱজাগৰণৰ পৰীক্ষাগাৰত ক্ৰমশ: উদিত হৈছে ভাৰতীয় ফুটবল। সেউজ বনৰ বৰ্গাকাৰ জগতত ভাৰতীয় ফুটবলে এতিয়া ৰোপণ কৰিছে স্বপ্নক বাস্তৱীকৰণৰ সৃষ্টি। এই সৃষ্টিৰেই আজি ইণ্টাৰকণ্টিনেণ্টেল কাপত বিজয়ৰ গৌৰৱোজ্জ্বল চুম্বন আঁকিলে ভাৰতে।

ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত আজি লেবাননক ২-০ গ’লত পৰাস্ত কৰি ভাৰতে ইণ্টাৰকণ্টিনেণ্টেল কাপৰ খিতাপ দখল কৰে। অধিনায়ক তথা দলৰ কাণ্ডাৰী সুনীল ছেত্ৰী আৰু ললিয়ানজুৱালা ছাংটেৰ গ’লেৰে খিতাপ হস্তগত কৰে ভাৰতীয় দলে।

অৱশ্যে ফাইনেলৰ প্ৰথমাৰ্ধত ভাৰতীয় দলে গল স্ক’ৰৰ কেইবাটাও সুযোগ অপচয় কৰি। যাৰ ফলস্বৰূপে গলশূণ্য ৰূপে সমাপ্তি ঘটে প্ৰথমাৰ্ধ। কিন্তু দ্বিতীয়াৰ্ধত ছন্দোদয় ঘটে মেন ইন ব্লুৰ। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতেই লেবাননৰ গলবক্সত আঘাত সানে ছেত্ৰীয়ে।

ছাংটেৰ এক নিখুঁত পাছক নেটলৈ ঠেলি অধিনায়ক ছেত্ৰীয়ে ভাৰতক প্ৰথমটো সফলতা দিয়ে। লক্ষণীয়ভাৱে আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ভাৰতীয় তাৰকাগৰাকীৰ এয়া আছিল ৮৭ সংখ্যক গল। খেলৰ ৬৬ মিনিটত ছাংটেই আন এক সুযোগ কাৰ্যকৰী কৰি ভাৰতক ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে।

উল্লেখ্য যে, ইণ্টাৰকণ্টিনেণ্টেল কাপত এয়া ভাৰতৰ দ্বিতীয়টো খিতাপ জয়। ইয়াৰ পূৰ্বে ২০১৮ চনত উদ্বোধনী সংস্কৰণত খিতাপ দখল কৰিছিল ভাৰতে।

Related News