দুদিনীয়া ভ্ৰমণ সূচীৰে কাঠমাণ্ডুত উপস্থিত হৈছে ভাৰতৰ বিদেশ সচিব

নেপালৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে ভাৰতীয় বিদেশ সচিব হৰ্ষবৰ্ধন শৃংগলাই বৃহস্পতিবাৰে পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে কাঠমাণ্ডুত উপস্থিত হৈছে।

তেওঁৰ ভ্ৰমণৰ সবিশেষ পূৰ্বতেই কাঠমাণ্ডু আৰু নতুন দিল্লীয়ে ঘোষণা কৰি থৈছিল।

ভ্ৰমণৰ সময়ত শৃংগলাই নেপালৰ শীৰ্ষ ৰাজনৈতিক নেতৃত্বক সাক্ষাৎ কৰিব আৰু তেওঁৰ সমকক্ষ ভাৰত ৰাজ পৌডিলৰ সৈতে প্ৰতিনিধি স্তৰৰ আলোচনাত মিলিত হ’ব।

এই বছৰৰ জানুৱাৰিত বিদেশ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়া তেওঁৰ প্ৰথম নেপাল ভ্ৰমণ।

উল্লেখ্য যে যোৱা বছৰৰ পৰাই কিছু কিছু অঞ্চলক লৈ দুয়োখন দেশৰ মাজত বিবাদ আৰম্ভ হৈছিল যাৰ পিছত নেপালে এক নতুন ৰাজনৈতিক মানচিত্ৰ উন্মোচন কৰিছিল আৰু ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উদ্বেগজনক হৈ পৰিছিল।

দুয়োখন দেশৰ মাজৰ বিবাদ নিষ্পত্তিৰ বাবে দিল্লীয়ে উচ্চ পৰ্যায়ৰ বিষয়া কাঠমাণ্ডুলৈ প্ৰেৰণ কৰিছে আৰু শৃংগলাৰ ভ্ৰমণে নিকট ভৱিষ্যতে উচ্চস্তৰৰ ভ্ৰমণৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।

৩০ ঘণ্টীয়া কাঠমাণ্ডু ভ্ৰমণৰ সময়ত শৃংগলাই ৰাষ্ট্ৰপতি বিধা দেৱী বণ্ডাৰী, প্ৰধান মন্ত্ৰী অলি, বিদেশ মন্ত্ৰীৰ লগতে আন আন শীৰ্ষ পৰ্যায়ৰ বিষয়া সকলক সাক্ষাৎ কৰিব।

তেওঁ লগতে বিপক্ষ দলৰ নেতা শ্বেৰ বাহাদুৰ ডেউবাক সাক্ষাৎ কৰিব আৰু নেপাল ভ্ৰমণৰ আগতে এছিয়ান ইনষ্টিটিউট অফ ডিপ্ল’মেচিৰ দ্বাৰা আয়োজিত নেপাল-ভাৰত সম্পৰ্কৰ ওপৰত এক ব্যাখ্যা আগবঢ়াব।

শৃংগলাই ভাৰত চৰকাৰৰ দ্বাৰা পুঁজি প্ৰাপ্ত দুটা প্ৰকল্পও উদ্বোধন কৰিব।