কৰ’নাৰ প্রতিৰোধৰ বাবে বিচাৰি ফুৰিছে ‘চি’ ভিটামিন? আমলখি খাই দূৰ কৰক চাহিদা

Emblica-Officinalis-494x270

আমাৰ সকলোৰে এটি পৰিচিত ফল হৈছে আমলখি আৰু ই ভিটামিন ‘চি’ৰে ভৰপূৰ।

ইয়াৰ ভেষজ গুণ অপৰিসীম আৰু ইয়াৰ ফল তথা পাত দুয়োটাকে ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়।

আমলখিত ভিটামিন ‘চি’ৰ পৰিমান সম্পৰ্কে জানিলে আপুনি আচৰিত হ’ব।

আমলখিত মধুৰিআম আৰু নেমুতকৈ ক্ৰমে ৩গুণ আৰু ১০গুণ অধিক ভিটামিন ‘চি’ পোৱা যায়।

সেইদৰে, কমলাতকৈ ১৫ৰপৰা ২০ গুণ বেছি, আমতকৈ ২৪গুণ বেছি, কলতকৈ ৬০গুণ বেছি আৰু আপেলতকৈ ১২০গুণ বেছি ‘চি’ ভিটামিন আমলখিত পোৱা যায়।

প্ৰাপ্তবয়স্ক এজন লোকৰ বাবে দিনে ৩০ মিলিগ্ৰাম ‘চি’ ভিটামিনৰ প্ৰয়োজন। দিনে দুটাকৈ আমলখি খালে ‘চি’ ভিটামিনৰ এই অভাৱ পূৰণ হয়।

আমলখিৰ ঔষধি গুণ বহুত আৰু ই আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

বহুদিনীয় চৰ্দি-কাহৰ পৰা উপশম পোৱাৰ বাবে আমলখিৰ ৰস উপকাৰী। হাৰ্ট তথা মস্তিষ্কৰ বাবেও উপকাৰী আমলখি।

চুলি, দাঁত আৰু ছাল সতেজ কৰি ৰখাত আমলখিৰ ব্যৱহাৰ ফলদায়ক। তদুপৰি, ই মুখৰ ৰুচিও বৃদ্ধি কৰে।

আমলখিয়ে মূৰৰ বিষ, কোষ্ঠকাঠিন্যতা, গেছ,ৰক্তহীনতা আৰু বমিৰ ভাৱ দূৰ কৰাত সহায় কৰে। বহুমূত্ৰ ৰোগীৰ বাবেও আমলখি উপকাৰী।

আমলখিত আছে এন্টি অক্সিডেন্ট তথা কেন্সাৰ প্ৰতিৰোধী ক্ষমতা। আমলখিয়ে কেন্সাৰৰ কোষ বৃদ্ধিত বাধা দিয়ে বুলি গৱেষণাত প্ৰকাশ পাইছে।

শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাত আমলখি সহায় কৰে আৰু সেইদৰে শৰীৰৰ ওজন কমোৱাত সহায় কৰে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত আমলখিৰ বিশেষ গুণ আছে। ইয়াৰ গুড়ি মৌৰে সৈতে প্ৰতিদিনে খালে ভাল ফলাফল পোৱা যায়।

বৰ্তমান চলি থকা কৰ’নাৰ সংক্ৰমণৰ সময়ত ‘চি’ ভিটামিনৰ চাহিদা সাংঘাতিকভাৱে বৃদ্ধি পাইছে। বজাৰত আনকি ‘চি’ ভিটামিনৰ টেবলেটো পাবলৈ কঠিন হৈ পৰিছে।

এনে সময়ত যদি আপুনি আমলখি পায় তেতিয়া ই আপোনাৰ শৰীৰৰ ‘চি’ ভিটামিনৰ চাহিদা পূৰণ কৰিব পাৰে।

আজিকালি কেচা আমলখি নহ’লেও সিজাই আচাৰ কৰি ৰখা বা বজাৰত পোৱা ইয়াৰ জ্যুচ পান কৰিও ‘চি’ ভিটামিনৰ চাহিদা দূৰ কৰিব পাৰি।