Linthoi Chanambam: ঐতিহাসিক! জুডোৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ কিশোৰী লিন্থই চানম্বাম; লক্ষ্য এইবাৰ অলিম্পিক

লিন্থই চানম্বাম।

Judoka Linthoi Chanambam makes history মণিপুৰৰ লিন্থই চানম্বাম জুডোত বিশ্ব চেম্পিয়ন হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে। মহিলাৰ ৫৭ কিলোগ্ৰাম শাখাত লিন্থইৰ কৃতিত্বৰ আঁৰত আছে এক অতি মন চুই যোৱা কাহিনী।

মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ মায়াঙত ঘৰ লিন্থই চানম্বামৰ। তেওঁ সৰুৰে পৰাই জুডোত আগ্ৰহী আছিল। কিন্তু লিন্থই ছোৱালীবোৰৰ সৈতে যুঁজিবলৈ ভাল নাপাইছিল। তেওঁ চুবুৰীৰ ল’ৰাবোৰৰ সৈতে যুঁজত অৱতীৰ্ণ হৈছিল। প্ৰায় প্ৰতি সপ্তাহতে কণমানি লিন্থইৰ সৈতে জুডোৰ যুঁজত কোনো নহয় কোনো এজন ল’ৰা আঘাতপ্ৰাপ্ত হৈছিল।

তুমি ল’ৰাবোৰৰ সৈতে খেলি কিয় ভাল পাইছিলা? লিন্থই হাঁহি মাৰি কৈছিল, “মই সৰুৰে পৰা জুডো খেলি ভাল পাইছিলো। মই ভাবিছিলো যে মই ডাঙৰ হৈ ল’ৰা হ’ম। মই বুজি পোৱা নাছিলো যে ডাঙৰ হৈও মই ছোৱালী হৈয়েই থাকিম। সেয়ে মই ল’ৰাবোৰৰ সৈতে খেলিছিলো। মোৰ প্ৰায় সকলো বন্ধু ল’ৰাই আছিল। তাত দুগৰাকীমান ছোৱালী আছিল। সেইকাৰণে মই ল’ৰাবোৰৰ সৈতেই খেলিছিলো। বহুতে আঘাতপ্ৰাপ্ত হৈছিল। তাৰ পিছত তেওঁলোকৰ মাক-দেউতাকে তেওঁলোকক লৈ স্থানীয় হাস্পাতাললৈ দৌৰিব লগা হৈছিল।”

১৬ বছৰীয়া কিশোৰীগৰাকীয়ে শুকুৰবাৰে জৰ্জিয়াত অনুষ্ঠিত জুডোৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে উচ্ছ্বসিত। লিন্থই কয় “মোৰ অত্যন্ত ভাল লাগিছে। মই সঠিকভাৱে বুজাব নোৱাৰো। মই মনেৰে আগবাঢ়িব বিচাৰিছিলো আৰু ঠিক সেইটোৱেই মই কৰিবলৈ সক্ষম হৈছো।”

লিন্থইৰ লক্ষ্য হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাল প্ৰদৰ্শন কৰা। বিশ্ব চেম্পিয়নগৰাকীয়ে কয়, “মই পেৰিছত স্বৰ্ণ জয় কৰিব বিচাৰো। মই তাৰ বাবে মোৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিম। যদি ২০২৪ত নোৱাৰো, ২০২৮ত লছ এঞ্জেলছ অলিম্পিকত স্বৰ্ণ জয় কৰিমে।”

লিন্থই সাত বছৰ বয়সত জুডো খেলিবলৈ আৰম্ভ কৰিছিল। পিতৃ এজন কৃষক। মাকে পৰিয়ালটো চম্ভালিছিল। তেওঁৰ এগৰাকী বায়েক আৰু এগৰাকী ভনীয়েক আছে। লিন্থই কয়, “মই ২০১৪ চনৰ পৰা জুডো খেলা আৰম্ভ কৰিছিলো। ২০১৭ চনত মই কৰ্ণাটকৰ বেল্লাৰীত ইন্সপায়াৰ ইনষ্টিটিউট অফ স্পৰ্টছত যোগদান কৰিছিলো। মই খেলিবলৈ সৰুৰে পৰা সকলোৰে পৰা বহুত সমৰ্থন লাভ কৰি আহিছো। কিন্তু মোৰ দেউতাই মোক আটাইতকৈ বেছি উৎসাহিত কৰিছিল।‘’

লিন্থই লগতে কয়, “বেল্লাৰীৰ আগতে মই ঘৰৰ ওচৰৰ এখন সৰু একাডেমীত জুডো শিকিছিলো। মোৰ দেউতাই মোক লৈ গৈছিল। সকলো সময়তে লগত থাকিছিল। বক্সিং আৰু ফুটবলো মোৰ প্ৰিয় খেল। দৰাচলতে ঘৰৰ ওচৰত কেইখনমান জুডো একাডেমী থকাৰ বাবে মই এই খেলটোকে বাছনি কৰিছিলো। মোৰ দেউতাই মোক সদায় ওচৰত ৰাখিছিল। যিদিনা মই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ খেলিবলৈ অকলে তেলেংগানালৈ বুলি ৰে’লত উঠিছিলো মোৰ দেউতাই কান্দি পেলাইছিল।”

লিন্থইৰ প্ৰশিক্ষক মামুকা কিজিলাচিলিয়ে কয়, “তেওঁৰ সকলোবোৰৰ আঁৰতে পিতৃ। লিন্থই তেওঁৰ দেউতাকৰ অবিহনে একো ভাবিব নোৱাৰে। তেওঁলোকৰ পিতৃ-কন্যাৰ সম্পৰ্ক সঁচাকৈয়ে মহান।‘’

তেলেংগানাত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ প্ৰথমে লিন্থইক দেখিছিল। তেতিয়াই তেওঁ অনুভৱ কৰিছিল যে মণিপুৰৰ এই সৰু ছোৱালীজনীৰ প্ৰতিভা আছে। তেওঁৰ ভাষাত “সেই বয়সত জুডোৰ প্ৰতি তেওঁৰ আগ্ৰহে মোক আচৰিত কৰি তুলিছিল। লিন্থইৰ এজন ভাল খেলুৱৈ হোৱাৰ সকলো গুণ আছিল। ১৩ বছৰ বয়সত মই তেওঁক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (ছাই) নামভৰ্তিৰ বাবে পৰামৰ্শ দিছিলো। সকলোৱে মোৰ সেই পৰামৰ্শৰ ফলাফল দেখিছে।”