চাঞ্চল্যকৰ তথ্য! কৰ’নাৰ দ্বিতীয়টো ঢৌত দেশত ৭১৯গৰাকী চিকিৎসকৰ মৃত্যু

corona-india-1584429005

প্ৰতিনিধিত্বমূলক ফটো।

কৰ’নাৰ দ্বিতীয়টো ঢৌত দেশত ৭১৯গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে।ইয়াৰে বেছিভাগেই বিহাৰৰ। শনিবাৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আইএমএ)এই তথ্য প্ৰকাশ কৰিছে।

আইএমএ প্ৰকাশ কৰা তথ্য অনুসৰি, কৰ’নাত প্ৰাণ হেৰুওৱা ৭১৯গৰাকী চিকিৎসকৰ ভিতৰত বিহাৰৰ সৰ্বাধিক ১১১গৰাকী চিকিৎসকৰ মৃত্যু হৈছে। ইয়াৰ পাছতে দিল্লীৰ ১০৯গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

ইয়াৰ পাছতে এই তালিকাত আছে উত্তৰপ্ৰদেশ, পশ্চিমবংগ আৰু ৰাজস্থান। তথ্য অনুসৰি, উত্তৰ প্ৰদেশত ৭৯গৰাকী চিকিৎসকৰ মৃত্যু হৈছে। সেইদৰে পশ্চিমবংগত ৬৩গৰাকী আৰু ৰাজস্থানত ৪৩গৰাকী চিকিৎসকৰ মৃত্যু হৈছে।

উল্লেখ্য যে যোৱা ৭জুনত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। তাত তেওঁলোকে চিকিৎসক তথা চিকিৎসাকৰ্মীৰ সুৰক্ষাত তেওঁৰ হস্তক্ষেপ বিচাৰি অনুৰোধ জনাইছিল।

আইএমএ-য়ে উল্লেখ কৰা মতে কৰ’নাৰ ফলত ২০২০ৰ পৰা দেশত ১হাজাৰ ৪০০জনতকৈয়ো অধিক চিকিৎসকৰ মৃত্যু হৈছে।

উক্ত তথ্যই কৰ’না অতিমাৰীয়ে দেশখনত কেনেদৰে প্ৰভাৱ পেলাইছে সেয়া এটা কথা স্পষ্ট কৰিছে। কৰ’নাৰ কোপৰ পৰা চিকিৎসকলেও ৰেহাই পোৱা নাই।