• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2023 8:34 pm
Indian Missing In Turkey
159
VIEWS
Share on FacebookShare on Twitter

ইটোৰ পিছত সিটোকৈ কালগ্ৰাসী ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰা তুৰস্কত সন্ধানহীন হৈছে এগৰাকী ভাৰতীয় নাগৰিক। কৰ্মসংক্ৰান্তীয় কাৰণত তুৰস্ক ভ্ৰমণলৈ যোৱা ভাৰতীয় ব্যক্তিগৰাকী ভূমিকম্প বিধ্বস্ত দেশখনত নিৰুদ্দেশ হোৱা বুলি আজি চৰকাৰে প্ৰকাশ কৰে।

আনহাতে দেশখনৰ ভূমিকম্পপীড়িত আন অঞ্চলত দহগৰাকী ভাৰতীয় আৱদ্ধ হৈ আছে বুলিও চৰকাৰে সদৰী কৰিছে। অৱশ্যে আটাইকেইগৰাকী ব্যক্তি বৰ্তমান নিৰাপদ বুলি উল্লেখ কৰিছে বৈদেশিক মন্ত্ৰালয়ে। মন্ত্ৰালয়ে লগতে তুৰস্কত ৩ হাজাৰ ভাৰতীয় আছে বুলি জানিবলৈ দিয়ে।

পশ্চিমৰ বৈদেশিক সচিব সঞ্জয় ভাৰ্মাই জানিবলৈ দিয়া মতে তুৰস্কৰ আদানাত এটা কন্ট্ৰ’ল ৰুম স্থাপন কৰা হৈছে। “আক্ৰান্ত এলেকাৰ এক দুৰ্গম অঞ্চলত ১০ গৰাকী ভাৰতীয় আবদ্ধ হৈ আছে যদিও তেওঁলোক নিৰাপদ। ব্যৱসায়িক ভ্ৰমণত থকা এগৰাকী ভাৰতীয় নাগৰিক নিৰুদ্দেশ হৈছে।”- তেওঁ কয়।

ভাৰত চৰকাৰে নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ পৰিয়াল আৰু তেওঁ কৰ্মৰত বেংগালুৰুস্থিত প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগ কৰিছে বুলি বৈদেশিক সচিব সঞ্জয় ভাৰ্মাই লগতে কয়।

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভূমিকম্প বিধ্বস্ত ছিৰিয়ালৈ ভাৰতে চিকিৎসা সামগ্ৰী আৰু সা-সঁজুলি যোগান ধৰাৰ লগতে ‘অপাৰেচন ডষ্ট’ৰ অধীনত তুৰস্কলৈ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে বুলি সদৰী কৰিছিল।

উল্লেখ্য যে, কেইবাটাও প্ৰবল ভূমিকম্পই কঁপাই তোলাৰ পিছত তুৰস্ক আৰু ছিৰিয়াত ১১ হাজাৰতকৈ অধিক লোকৰ মৃত্যু এইপৰ্যন্ত নিশ্চিত কৰা হৈছে। বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে আৰু স্বাভাৱিকতেই নিহত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Recent News

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd