ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা: আজি, কালি আৰু কাইলৈ

Indian National Flag

সেইবাৰ মই নিজাকৈ প্ৰথমবাৰৰ বাবে দিল্লীলৈ গৈছিলো, অফিচৰ কামত। কাম শেষ হোৱাৰ পাছত গধুলি এনেয়ে অনাই বনাই ঘূৰি ফুৰিবলৈ মই ভাল পাওঁ। তেনে এটা গধুলিতে হঠাৎ চকু পৰিল দিল্লীৰ কনত প্লেচৰ আকাশত উৰি থকা বৃহৎ আকাৰৰ জাতীয় পতাকাখন। দেখিয়েই কেনেকুৱা আবেগ এটা উথলি উঠিছিল মই বুজাব নোৱাৰোঁ। গম নোপোৱাকৈ ৰাস্তাৰ মাজত জপিয়াই জপিয়াই চিঞৰি উঠিছিলোঁ “ৱাও কিম্মান দাঙৰ পতাকা” বুলি। সেই একেই আবেগ প্ৰতিগৰাকী ভাৰতীয়ৰে নিশ্চয় আছে আমাৰ পতাকাখনকলৈ।

বিশ্বৰ প্ৰতিখন স্বাধীন ৰাষ্ট্ৰৰে নিজস্ব একোখন পতাকা থাকে যি এখন স্বাধীন দেশৰ প্ৰতীক। আমাৰ দেশৰ জাতীয় পতাকাখন ভাৰত স্বাধীন হোৱাৰ কিছুদিন পূৰ্বে ১৯৪৭ চনৰ ২২ জুলাইত অনুষ্ঠিত সংবিধান সভাৰ বৈঠকত বৰ্তমানৰ ৰূপত গ্ৰহণ কৰা হৈছিল আৰু ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ প্ৰথমগৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে লাল কিল্লাত এই পতাকা উত্তোলন কৰি দেশৰ জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। আৰু তেতিয়াৰ পৰাই এই পৰম্পৰা চলি আহিছে। জাতীয় পতাকাত থকা তিনিটা ৰঙৰ বাবেই ইয়াক “ত্ৰিৰঙ্গা পতাকা” বুলিও জনা যায়।

আমাৰ পতাকাখনৰ আকাৰ 3:2 আয়তাকাৰ হ’ব লাগে। ইয়াৰ ৰঙ আমি সকলোৱে জনাৰ দৰে সমান অনুপাতত “ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল”। বগা ৰংটোৰ মাজত এটা গাঢ় নীলা ৰঙৰ অশোক চক্ৰ আছে য’ ত ২৪ ডাল দণ্ড আছে। পতাকাৰ গেৰুৱা ৰঙে সাহস, শক্তি আৰু ত্যাগ, বগা ৰঙে পবিত্ৰতা আৰু সত্যতা, আৰু সেউজীয়া ৰঙে বিশ্বাস, উৰ্বৰতা আৰু সমৃদ্ধিক সূচায়। অশোক চক্ৰটোৱে গতিশীলতা আৰু ইয়াৰ নীলা ৰঙে আকাশৰ বিশালতাক সূচায়।

জাতীয় পতাকাখনে বৰ্তমানৰ ৰূপ পাবলৈ পৰিৱৰ্তনৰ এক দীঘলীয়া যাত্ৰা পাৰ কৰি আহিছে। Knowindia.gov.in নামৰ এটা website ৰ মতে, ১৯০৬ চনৰ ৭ আগষ্টত বৰ্তমান কলকাতাৰ কলিকতাৰ পাৰ্চী বাগান চৌহদত (গ্ৰীণ পাৰ্ক) ভাৰতৰ প্ৰথমখন বেচৰকাৰী পতাকা উত্তোলন কৰা হৈছিল। পতাকাখন ৰঙা, হালধীয়া আৰু সেউজীয়া তিনিটা ৰঙৰে বিভক্ত আছিল। একেবাৰে ওপৰৰ সেউজীয়া ৰঙত ৮ টা পদুম ফুল, মাজৰ হালধীয়া ৰঙত দেৱনাগৰী লিপিত বন্দে মাতৰম, আৰু তলৰ ৰঙা অংশৰ বাওঁ চুকত কাঁচিজোন আৰু সোচুকত সূৰ্য অংকিত আছিল।

১৯০৭ চনত মেডাম ভিকাজী কামা আৰু তেওঁৰ সংগীসকলে দ্বিতীয়খন পতাকা উত্তোলন কৰে। এই পতাকাখনৰ প্ৰথমখন পতাকাৰ লগত বহুত মিল আছিল। কেৱল ওপৰৰ পদুমৰ ঠাইত তৰা লগাইছিল যিয়ে সপ্তৃষীক বুজাইছিল।

আমাৰ দেশৰ ৩য় খন পতাকা উত্তোলন কৰা হয় ১৯১৭ চনত। ড০ এনি বেছান্ট আৰু লোকমান্য তিলকে এই পতাকাখন উত্তোলন কৰিছিল। এই সময়ত ভাৰতৰ ৰাজনৈতিক সংগ্ৰামে এক নিৰ্দিষ্ট ৰূপ ধাৰণ কৰিছিল। পতাকাৰ এই সংস্কৰণটো প্ৰথম দুটাৰ পৰা বহুত বেলেগ আছিল। ইয়াত ৰঙা আৰু সেউজীয়া ৯ ডাল অনুভূমিক ৰেখা, সপ্তৰ্ষি মণ্ডলৰ আৰ্হিত সাতটা তৰা, বৃটিছ ইউনিয়ন জেক, আৰু এটা বগা অৰ্ধচন্দ্ৰ ওপৰত এটা তৰা আছিল।

ইয়াৰ আগতে ১৯১৬ চনত পিংগলী ভেংকয়া নামৰ লোক এজনে এখন কিতাপৰ আকাৰত পতাকাৰ ৩০ টা আৰ্হি প্ৰস্তুত কৰিছিল। মহাত্মা গান্ধীয়ে পিছত সেই পিংগালী ভেংকয়াকে ৰঙা আৰু সেউজীয়া বেনাৰত ঘূৰি থকা চৰখা এটাৰ লগত এখন পতাকা ডিজাইন কৰিবলৈ নিযুক্তি দিছিল। পতাকাখনৰ ৰঙা ৰঙে হিন্দুক বুজায় আৰু সেউজীয়া ৰঙে মুছলমানৰ সূচক আছিল। ১৯২১ চনত হোৱা কংগ্ৰেছৰ অধিৱেশনত গান্ধীয়ে পতাকাখন সম্পূৰ্ণ হোৱাতো বিচাৰিছিল যদিও সময়মতে পতাকাখন প্ৰদান কৰা নহ’ল, আৰু অধিৱেশনত আন এখন পতাকা প্ৰস্তাৱ কৰা হ’ল।

গান্ধীয়ে পিছত লিখিছিল যে পলম হোৱাটো আৱশ্যক আছিল যিহেতু ইয়াৰ ফলত তেওঁ আন ধৰ্মৰ প্ৰতিনিধিত্ব কৰা হোৱা নাই বুলি উপলব্ধি কৰিব পাৰিছিল; তাৰ পিছত তেওঁ ৰঙা আৰু সেউজীয়াৰ লগতে বগা ৰঙটোও যোগ কৰিবলৈ প্ৰস্তাৱ দিলে যিয়ে, আন সকলো ধৰ্মক প্ৰতিনিধিত্ব কৰিব। অৱশেষত ধৰ্মীয়-ৰাজনৈতিক সংবেদনশীলতাৰ বাবেই ১৯২৯ চনত গান্ধীয়ে পতাকাৰ ৰঙৰ অধিক ধৰ্মনিৰপেক্ষ ব্যাখ্যাৰ দিশত আগবাঢ়িছিল আৰু কৈছিল যে ৰঙা ৰঙে জনসাধাৰণৰ ত্যাগ, বগা ৰঙে বিশুদ্ধতা আৰু সেউজীয়া ৰঙে আশাক প্ৰতিনিধিত্ব কৰে।

তেতিয়াৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনে ১৯৪৭ চনত ভাৰতৰ বাবে এখন পতাকাৰ প্ৰস্তাৱ দাখিল কৰে। এইখন কাৰ্যতঃ ভাৰতৰ জাতীয় কংগ্ৰেছৰ পতাকাখনেই কিন্তু ওপৰৰ বাওফালৰ চুকত ইউনিয়ন জেকৰ ছবি এটা থকা পতাকা। কিন্তু জৱাহৰলাল নেহৰুৱে ইয়াক নাকচ কৰিছিল, এই যুক্তিৰে যে তেওঁ অনুভৱ কৰিছিল যে ইউনিয়ন জেকৰ অন্তৰ্ভুক্তিয়ে ব্ৰিটিছৰ বাবে তলতীয়া হিচাপে দৰ্শাব।

পতাকা ব্যৱহাৰৰ বিভিন্ন নিয়ম আছে। যেনে পতাকা খদ্দৰ কাপোৰৰ হব লাগে, ফটা বা নষ্ট হোৱা পতাকা উৰাব নালাগে বা যতে ততে পেলাই দিবও নালাগে, যদিহে পতাকা নষ্ট হয় বা ফাটি যায় তেন্তে উচিত সন্মানেৰে পতাকাখন হয়তো কবৰ দিব লাগে নাইবা জলাই সৎকাৰ কৰিব লাগে, সেয়াও কঠোৰ নিয়ম পালন কৰি কৰিব লাগে। জাতীয় পতাকাৰ সৈতে আন পতাকা উত্তোলন কৰিলে জাতীয় পতাকাৰ স্থান আন পতাকাতকৈ উচ্চতৰ হব লাগে, পতাকা সূৰ্য্যোদয়ৰ পিছত উত্তোলন কৰিব লাগে আৰু সূৰ্য্যাস্তৰ আগে আগে নমাব লাগে ইত্যাদি। অৱশ্যে এই বছৰ পতাকাৰ নিয়মৰ কিছু সালসলনি কৰিছে। যেনে পতাকা ওৰে নিশাও উত্তোলন কৰি থ’ব পৰা যাব বা খদ্দৰৰ উপৰিও অন্য কাপোৰো ব্যৱহাৰ কৰিব পাৰিব ইত্যাদি।

চলিত বৰ্ষত ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰত চৰকাৰে ঘৰে ঘৰে পতাকা নামৰ এক অভিযান আৰম্ভ কৰিছে। যত ভাৰতৰ প্ৰতিঘৰ মানুহকে ঘৰে ঘৰে পতাকা উত্তোলন কৰাৰ বাবে আহ্বান জনায়। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় প্ৰতি ঘৰ ব্যক্তিয়ে পতাকা উত্তোলন কৰিছে। কিন্তু তেনে কৰোতে বহু ক্ষেত্ৰত অজানিতে হলেও পতাকাখনক অৱমাননা কৰাও দেখা গৈছে। দেখা গৈছে বহু ঘৰ বা দোকানত জাতীয় পতাকাৰ লগতে অন্য পতাকাও উৰি আছে, তাকো জাতীয় পতাকাতকৈ অধিক উচ্চতাত।

বহু দোকানত জাতীয় পতাকাৰ আকাৰ, ৰং আদিত খেলিমেলি দেখা গৈছে। বহু বেপাৰীয়ে আকৌ অধিক লাভৰ আশাত পলিয়েষ্টাৰ পতাকাবোৰৰ কাষবোৰেৰে সূতা বাহিৰ নহবলৈ জুইত পুৰিও বিক্ৰী কৰা দেখা গৈছে। পতাকা প্ৰতিজন ভাৰতীয়ৰ বাবে এক সন্মানৰ প্ৰতীক। কিন্তু সেই সন্মান আমাৰ অন্তৰত থকা উচিত। বাহ্যিকভাৱে সন্মান প্ৰদৰ্শন কৰাৰ নামত পতাকাৰ অৱমাননা কৰাটো এক অপৰাধ।