NORTHEAST NOW (Assamese)

বিশ্ব বেংকৰ অধ্যক্ষ হ’ব ভাৰতীয় মূলৰ অজয় ​​বাংগা! মনোনীত কৰিলে ৰাষ্ট্ৰপতি বাইডেনে

February 24, 2023 11:05 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 24, 2023 10:26 am

ভাৰতীয় মূলৰ আমেৰিকান নাগৰিক অজয় ​​বাংগা হ’ব পাৰে বিশ্ব বেংকৰ পৰৱৰ্তী অধ্যক্ষ। বিশ্ব বেংকৰ অধ্যক্ষ পদৰ বাবে তেওঁক মনোনীত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে।

বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ঘোষণা কৰে যে আমেৰিকাই ভাৰতীয়-আমেৰিকান ব্যৱসায়ী তথা নেতা অজয় ​​বাংগাক বিশ্ব বেংকক নেতৃত্ব দিবলৈ মনোনীত কৰিছে। ৰাষ্ট্ৰপতি জো বাইডেনে এক বিবৃতিত কয় যে ইতিহাসৰ এই জটিল মুহূৰ্তত বিশ্ব বেংকৰ নেতৃত্ব দিবলৈ অজয় বাংগাই ​​সুস্থিৰ আৰু উপযুক্ত ব্যক্তি।

৬৩ বছৰীয়া বাংগাই বৰ্তমান জেনেৰেল আটলাণ্টিকৰ ভাইচ চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ মাষ্টাৰকাৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল। কৌশলগত, প্ৰযুক্তিগত আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ জৰিয়তে কোম্পানীটোক নেতৃত্ব দিয়াৰ তেওঁৰ অভিজ্ঞতা আছে।

বাংগাৰে যোৱা তিনিটা দশকৰো অধিক কাল এগৰাকী সফল, বিশ্বব্যাপী কোম্পানী গঢ়ি তোলা, পৰিচালনা, চাকৰি সৃষ্টি আৰু উন্নয়নশীল অৰ্থনীতিলৈ বিনিয়োগ কঢ়িয়াই অনাৰ লগতে মৌলিক পৰিৱৰ্তনেৰে সংস্থাসমূহক পথ প্ৰদৰ্শন কৰি আহিছে।

স্মৰ্তব্য যে ভাৰতসহ বিশ্ব বেংকত বিশ্বৰ মুঠ ১৮৯ খন দেশ অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ বৰ্তমানৰ অধ্যক্ষ ডেভিদ মালপাছ। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকালত ডেভিদক নিযুক্তি দিয়া হৈছিল। ডেভিদে কিছুদিন পূৰ্বে কৈছিল যে জুন মাহত তেওঁ উক্ত পদৰ পৰা পদত্যাগ কৰিব। ২০২৪ চনৰ এপ্ৰিল মাহৰ কাৰ্যকাল শেষলৈকে তেওঁৰ কাৰ্যকাল আছিল।বিশ্ব বেংকৰ অধ্যক্ষৰ কাৰ্যকাল হৈছে ৫ বছৰ।

মহাৰাষ্ট্ৰৰ পুনেৰ শিখ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অজয় ​​বংগাৰ। তেওঁৰ পিতৃ ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল আছিল। অজয় বাংগাৰৰ পৰিয়ালটো মূলতঃ পাঞ্জাৱৰ জলন্ধৰৰ। দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল অজয় ​​বংগাই। ইয়াৰ পিছত তেওঁ আই আই এম আহমেদাবাদৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰি আমেৰিকা অভিমুখে ৰাওনা হয়।

Related News