কৰ’না পৰিস্থিতিৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ ভূমিকাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল। তাৰমাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগী সংস্থা হিচাপে ভূমুকি মাৰিছিল WHOফাউণ্ডেশ্যনে।
এই সংস্থাৰে মুখ্য কাৰ্যবাহী বিষয়া অৰ্থাৎ চিইঅ’ পদত অধিষ্ঠিত হ’ল ভাৰতীয় বংশোদ্ভৱ ব্যক্তি অনিল ছোনী।
কৰ’না সংকটত WHOক সহযোগ কৰাৰ বাবেই WHO ফাউণ্ডেশ্যনৰ জন্ম হৈছিল। ইয়াৰ সদৰ কাৰ্যালয়ো জেনেভাতেই। বিত্তীয় অনুদানৰ ক্ষেত্ৰত এই সংস্থাটোৱে বিশ্ব স্বাস্থ্য সংস্থাক সাহায্য কৰিব।
বিশ্বৰ বিভিন্ন প্ৰান্তত থকা যিবোৰ সংস্থাই স্বাস্থ্য সেৱা আগবঢ়োৱাৰ দিশত বিশ্ব স্বাস্থ্য সংস্থাক সহায় কৰিব পাৰে, তেনে সংস্থাসমূহক বিচাৰি উলিওৱাত সহায় কৰাটোৱেই হৈছে ইয়াৰ কাম।
বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ জৰিয়তেই বিভিন্ন সৰু সৰু সংস্থাসমূহলৈ অনুদান প্ৰেৰণ কৰিব। সেয়েহে, কৰ’নাৰ পৰিস্থিতিৰ এই সময়ত ইয়াৰ গুৰুত্ব বহু বৃদ্ধি পাইছে।
উক্ত সংস্থাৰে প্ৰথম গৰাকী চিইঅ’ নিযুক্ত হৈছে এগৰাকী ভাৰতীয় বংশোদ্ভূত ব্যক্তি। অনিল ছোনী নামৰ এই স্বাস্থ্য বিশেষজ্ঞ গৰাকীয়ে সংক্ৰমক ৰোগক লৈ কাম কৰা ভায়াট্ৰিছ নামৰ সংস্থা এটাৰ পৰা WHO ফাউণ্ডেশ্যনত যোগ দিছিল।
WHO ফাউণ্ডেশ্যনৰ দায়িত্ব লৈ তেওঁ কৈছিল, ‘’কৰ’নাৰ বিৰুদ্ধে কেইবামাহো ধৰি ধৰি যুঁজৰ পাছত আশা ৰেঙণি দেখা গৈছে। অৱশ্যে, ভেকচিন প্ৰস্তুতত অধিক গুৰুত্ব দিবলৈ গৈ আন বহু ক্ষেত্ৰত বিনিয়োগৰ পৰিমান হ্ৰাস পাইছে। বিশ্বজুৰি ভেকচিনৰ সৰবৰাহ, এইচআইভিৰ চিকিৎসা, কেন্সাৰৰ চিকিৎসা আদি স্থৱিৰ হৈ পৰিছে।‘’
অনিল ছোনীয়ে কয় যে WHO ফাউণ্ডেশ্যনে এইবোৰ ক্ষেত্ৰত নতুন গৱেষণা তথা নতুন আৱিষ্কাৰৰ পথ মুকলি কৰি দিব।