NORTHEAST NOW (Assamese)

ব্ৰিটেইনত মেয়ৰ হ’ল মাতৃ-পুত্ৰ; ৰোহটকৰ দহিয়া পৰিয়ালত আনন্দৰ জোৱাৰ

May 24, 2026 12:53 pm · এন ই নাও নিউজ, গুৱাহাটী

হাৰিয়ানাৰ ৰোহটকৰ ছেক্টৰ ৩৪ৰ এটা সাধাৰণ পৰিয়ালত বৰ্তমান এক বিৰাট আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। কিয়নো ব্ৰিটেইনত বসবাস কৰা দহিয়া পৰিয়ালে  উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে।

পৰিয়ালটোৰ দুই সদস্য পাৰবীন ৰাণী আৰু তেওঁৰ পুত্ৰ তুষাৰ কুমাৰ ব্ৰিটেইনৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে। সামূহিক সেৱা আৰু লেবাৰ পাৰ্টিৰ সৈতে জড়িত হৈ ৰাজনীতিত নিজকে প্ৰতিষ্ঠা কৰা ভাৰতীয় মূলৰ প্ৰথম প্ৰবাসী।

তুষাৰ কুমাৰ (২৩) এলষ্ট্ৰী আৰু বৰেহামউড টাউন কাউন্সিলৰ মেয়ৰ নিৰ্বাচিত হোৱাৰ ফলত তেওঁ ব্ৰিটেইনৰ মেয়ৰৰ পদত অধিষ্ঠিত ভাৰতীয় মূলৰ আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে। ২০ বছৰ বয়সত কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হোৱা তুষাৰৰ এতিয়া যথেষ্ট অভিজ্ঞতা হৈছে।

লণ্ডনৰ কিংছ কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা তুষাৰে এতিয়া ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ সময়তে মেয়ৰৰ দায়িত্ব গ্ৰহণ কৰিব।

তুষাৰৰ ৰাজনীতিত প্ৰৱেশৰ কাহিনী যথেষ্ট প্ৰেৰণাদায়ক। স্কুলীয়া দিনৰ পৰাই তেওঁ বিভিন্ন দাতব্য সংস্থাৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছিল। সামূহিক কামৰ প্ৰতি তেওঁৰ নিষ্ঠা দেখি স্থানীয় লোকে তেওঁক নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ পৰামৰ্শ দিয়ে।

তেওঁ ব্ৰিটেইনত জন্মগ্ৰহণ কৰা ভাৰতীয় শিশুসকলক হিন্দী শিকোৱাৰ কামো কৰিছিল যাতে তেওঁলোকে ইংৰাজী নজনা ককা-আইতাকৰ সৈতে যোগাযোগ কৰিব পাৰে।

তুষাৰৰ মাতৃ পাৰবীন ৰাণী (৪৫) হাৰ্টছমিৰ বোৰো কাউন্সিলৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ কয়, “মই বাস কৰা অঞ্চলটোত শ্বেতাংগ লোকৰ সংখ্যা বেছি। এনে ঠাইত প্ৰথম এছিয়ান মহিলা মেয়ৰ হিচাপে নিৰ্বাচিত হোৱাটো এই কথাৰ প্ৰমাণ যে যদি আপুনি মাটিৰ সৈতে সম্পৰ্ক ৰাখি কাম কৰে তেন্তে মানুহে আপোনাক গ্ৰহণ কৰে।”

স্থানীয় সমাজৰ বাবে কৰা কামৰ বাবে, বিশেষকৈ ক’ভিডৰ সময়ত তেওঁৰ সহায়েই  তেওঁৰ সফলতাৰ কাৰণ বুলি কয়। তদুপৰি তেওঁৱো ব্ৰিটেইনত জন্মগ্ৰহণ কৰা ভাৰতীয় শিশুসকলক হিন্দী শিকোৱাৰ কামো কৰিছিল যাতে তেওঁলোকে ইংৰাজী নজনা ককা-আইতাকৰ সৈতে যোগাযোগ কৰিব পাৰে।

পাৰবীনে বিশ্বাস কৰে যে হাৰিয়ানা প্ৰায়ে কিছুমান সামাজিক দুষ্টতাৰ বাবে পৰিচিত, কিন্তু ৰাজ্যখনৰ গীতা আৰু ববিতা ফোগাটৰ দৰে মহিলা খেলুৱৈক উদাহৰণ হিচাপে উল্লেখ কৰি কয় যে, “মই মোৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ঘৰৰ মহিলাসকলৰ বাবে আদৰ্শ হ’ব বিচাৰো। মই তেওঁলোকক বিশ্বাস কৰাব বিচাৰো যে তেওঁলোকে যি বিচাৰে তাকে কৰিব পাৰে।”

দহিয়া পৰিয়ালটো ২০১৩ চনত ৰোহটকৰ পৰা ব্ৰিটেইনলৈ গুচি যায়।তুষাৰে কয় যে প্ৰথম অৱস্থাত ব্ৰিটিছ পৰিৱেশ আৰু ভাষাৰ লগত খাপ খুৱাই লোৱাটো কঠিন আছিল যদিও কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে নিজকে প্ৰমাণ কৰিলে।

আজিও এই পৰিয়ালটো ব্ৰিটেইন আৰু ভাৰত নামৰ দুখন ভিন্ন দেশত বসবাস কৰিও এক যৌথ পৰিয়ালৰ দৰে একত্ৰিত হৈ আছে। ৰোহটকত বাস কৰা তুষাৰৰ পেহীয়েক নিৰ্মলা দেৱীয়ে কয় যে তেওঁৰ ভতিজা এজন দায়িত্বশীল ব্যক্তিলৈ ৰূপান্তৰিত হোৱাত তেওঁ অত্যন্ত সুখী।

Related News