NORTHEAST NOW (Assamese)

গভীৰ বনাঞ্চলত হিংস্ৰ বাঘ, সিংহৰ মাজত নিৰাপত্তাৰক্ষী নোহোৱাকৈ কি কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

August 10, 2019 10:32 am · এন ই নাও নিউজ
নৰেন্দ্ৰ মোদী

ডিছক’ভাৰী চেনেল যোগে সম্প্ৰচাৰিত হোৱা বিশ্বপ্ৰসিদ্ধ ম্যান ভাৰ্ছেছ ৱাইল্ড অনুষ্ঠানৰ এটা নতুন সংস্কৰণত ১২ আগষ্টত বিয়েৰ গ্ৰীলছৰ সৈতে দেখা যাব বিশ্বৰ সৰ্ববৃহৎ গনতান্ত্ৰিক দেশ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

উৎস-ইণ্টাৰনেট

ইতিমধ্যে ১২ আগষ্টত সম্প্ৰচাৰিত হ’বলগীয়া সংস্কৰণটোৰ দ্বিতীয়টো ট্ৰেইলৰ মুকলি কৰি দিয়া হৈছে।

দ্বিতীয়টো ট্ৰেইলৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সচৰাচৰ দেখি অহা কঠোৰ নিৰাপত্তা বেষ্টনীৰ পৰা আতৰত বিয়েৰ গ্ৰীলছৰ সৈতে উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যৰ মাজত দেখিবলৈ পোৱা গৈছে।

উৎস-ইণ্টাৰনেট

বনত বনৰীয়া হিংস্ৰ্ৰ জীৱ-জন্তু বাঘ, সিংহ, হাতী আদিৰ মুক্ত বিচৰণ তথাপি নিজৰ নিৰাপত্তাক লৈ শংকিত হোৱা নাই মোদী। বিয়েৰ গ্ৰীলছৰ প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি বনাঞ্চলক আমি বিপদজনক হিচাপে  ল’ব নালাগে, প্ৰকৃতিৰ বিৰুদ্ধে গ’লে মানুহো বিপদজনক হৈ উঠে।

উৎস-ইণ্টাৰনেট

ভিদিঅ’টোত মোদীক গ্ৰীলছৰ সৈতে বৰষুণত তিতি নদীৰ পাৰত বহি কথোপকথনত ভাগ লোৱাও দেখা গৈছে।

উল্লেখযোগ্য যে, ১২ আগষ্টত বিশ্বজুৰি প্ৰচাৰ হ’বলগীয়া ম্যান ভাৰ্ছেছ ৱাইল্ডৰ সংস্কৰণটোৰ পাছত ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহলৈ বিদেশী পৰ্যটনকৰ আগমনৰ সম্ভাৱনা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

 

Related News