DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধেমাজিত চাৰিজন আলফা (স্বাধীন) উগ্ৰপন্থী গ্ৰেপ্তাৰ

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
August 10, 2019 9:23 am
ULFA-II-678x509

এক অচিনাক্ত স্থানত আলফা (স্বাধীন)ৰ সদস্য। ফাইল ফটো

957
VIEWS
Share on FacebookShare on Twitter

অসম-অৰুণাচল সীমান্তৰ সৈতে সংলগ্ন উত্তৰ ধেমাজি অঞ্চলৰ পৰা আৰক্ষীয়ে চাৰিজন সন্দেহযুক্ত আলফা (স্বাধীন) উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।

এক বিশেষ চোৰাংচোৱা সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে বৃহস্পতিবাৰে অঞ্চলটোত এক অভিযান চলাই সংগঠনটোৰ চাৰিজন সদস্যক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আলফা (স্বাধীন)ৰ সদস্যকেইজনক ধেমাজিৰ পাৰ্থজিৎ কোঁৱৰ (২১), মৃণাল ফুকন(১৮), লাহোৱালৰ জনক বৰুৱা(১৮)আৰু গোলাঘাটৰ উদয় দুৱৰা।

আৰক্ষীয়ে লগতে  তেওঁলোকৰ জিম্মাৰ পৰা এখন মটৰচাইকেল, চাৰিটা মোবাইল হেণ্ডছেট, আলফা (স্বাধীন)ৰ পতাকা, চোকা অস্ত্ৰ আৰু ক’লা কাপোৰৰ টোপোলাৰ উপৰিও কিছুমান আপত্তিজনক নথি পত্ৰ জব্দ কৰে।

আৰক্ষীয়ে কয় যে আলফা বিদ্ৰোহীয়ে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ সৈতে সংলগ্ন উত্তৰ ধেমাজি অঞ্চলৰ লাইপুলিয়াৰ পাহাৰীয়া বনাঞ্চলখন আত্মগোপনৰ সুৰক্ষিত স্থান হিচাপে ব্যৱহাৰ কৰি আছে আৰু জিলাখনত তেওঁলোকৰ স্থিতি শক্তিশালী কৰাৰ চেষ্টা চলাই আছে।

ধেমাজিৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ নেতৃত্বত আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ এটা দলে অঞ্চলটোৰ পৰা লাভ কৰা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই উগ্ৰপন্থীকেইজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জিলাখনত আৰু বহু আলফা (স্বাধীন)ৰ সদস্য থাকিব পাৰে বুলি সন্দেহ কৰে যিসকলে আন্তঃৰাজ্যিক সীমান্ত অঞ্চলক আত্মগোপনৰ সুৰক্ষিত স্থান হিচাপে ব্যৱহাৰ কৰি স্বাধীনতা দিৱসত কূটাঘাতৰ চেষ্টা চলাই আছে।

আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে ম্যানমাৰত মোক্ষম আঘাত লাভ কৰা পাছত আলফা (স্বাধীন) উগ্ৰপন্থীৰ দলটোৱে জিলাখনত তেওঁলোকৰ শক্তি বৃদ্ধিৰ বাবে তৎপৰ হৈ পৰিছে।

Recent News

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd