কাৰ্য্যালয়লৈ আহিব খোজকাঢ়ি সেয়ে ঘৰ সলাব নৰেন্দ্ৰ মোদীয়ে

Narendra Modi

নৰেন্দ্ৰ মোদী

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱন আৰু কাৰ্য্যালয় ‘চাউথ ব্লক’ৰ ওচৰলৈ স্থানান্তৰ হ’ব পাৰে।

‘চেণ্ট্ৰেল ভিষ্টা ৰিদেভেলপমেণ্ট প্ৰজেক্ট’ৰ বাবে চৰকাৰে প্ৰস্তুত কৰা ব্লু প্ৰিণ্ট অনুসৰি প্ৰধান মন্ত্ৰীৰ বাসভৱন আৰু কাৰ্য্যালয় চাউথ ব্লকৰ ওচৰলৈ স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে।

তথ্য অনুসৰি, উপ-ৰাষ্ট্ৰপতিৰ বাসভৱনো নৰ্থ ব্লকলৈ স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে।

শেহতীয়া পুনৰনিৰ্মাণ প্ৰকল্প অনুসৰি বৰ্তমানৰ সংসদ ভৱনৰ ওচৰত এটা ত্ৰিকোণীয়া সংসদ ভৱন নিৰ্মাণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। নতুন প্ৰকল্পটোত এটা উভয় কেন্দ্ৰীয় সচিৱালয়ৰ লগতে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেটলৈ এটা ৰাজপথ থাকিব।

পৰিকল্পনা অনুসৰিয়ে প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ বাসভৱন ক্ৰমে চাউথ ব্লক আৰু নৰ্থ ব্লকলৈ সলনি কৰা হ’ব।

এই সাল সলনিৰ বাবে ভি আই পি বাহন চলাচলৰ বাবে দিল্লীত সৃষ্টি হোৱা যান-জঁটো কিছু পৰিমাণে হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।

আনহাতে, প্ৰধান মন্ত্ৰী কাৰ্য্যালয় আৰু প্ৰধান মন্ত্ৰীৰ বাসভৱন ওচৰা-ওচৰিকৈ হ’ব যাতে প্ৰধান মন্ত্ৰী মোদীয়ে খোজকাঢ়ি কাৰ্য্যালয়লৈ অহা যোৱা কৰিব পাৰে।

নতুন সংসদ ভৱনত ৯০০ ৰ পৰা ১,২০০ গৰাকী সাংসদ একেলগে বহিব পৰাৰ লগতে টেবলত কম্পিউটাৰ স্ক্ৰীণ আদি অত্যাধুনিক সা-সুবিধা উপলব্ধ হ’ব।

ইন্দিৰা গান্ধী নেশ্যনেল চেন্টাৰ ফৰ আৰ্টছ(আই জি এন চি এ) বৰ্তমান স্থানৰ পৰা মন সিং ৰ’ডত থকা জামনগৰ হাউচলৈ স্থানন্তৰ কৰা হ’ব।

তদুপৰি, নতুন উমৈহতীয়া কেন্দ্ৰীয় সচিৱালয়ত আঠটা বিল্ডিং থকাৰ লগতে প্ৰতিটো বিল্ডিঙত আঠটাকৈ মহলা থাকিব, য’ত বিভিন্ন মন্ত্ৰী সকলৰ বাসভৱন হ’ব।

লুটিয়ানছ দিল্লীৰ বিভিন্ন স্থানত থকা মন্ত্ৰ্যালয়ত বৰ্তমান ২৫,০০০-৩২,০০০ কৰ্মচাৰীয়ে কাম কৰি আছে। নতুন উমৈহতীয়া কেন্দ্ৰীয় সচিৱালয়টোৱে অধিক সংখ্যক কৰ্মচাৰীক একেটা স্থানত কাম কৰাৰ সুবিধা প্ৰদান কৰিব।