বাঢ়িব নিৱনুৱাৰ সংখ্যা! ভাৰতীয় ৰে’লত বিলুপ্তি ঘটোৱা হ’ল ১৩,৪৫০ টা পদ

a rail

যিটো সময়ত দেশত নিৱনুৱা সমস্যাই ভয়ংকৰ ৰূপধাৰণ কৰিছে সেই সময়তে ভাৰতীয় ৰে’ল বিভাগে চলিত বৰ্ষত ১৩,৪৫০ টা পদ বিলুপ্তি কৰাৰ সিদ্ধান্ত লৈছে।

ৰে’ল বোৰ্ডৰ কাৰ্যকৰী সঞ্চালক উমেশ বালোণ্ডাই ১৩ হাজাৰৰো অধিক পদ বিলুপ্ত কৰা হোৱা বুলি প্ৰকাশ কৰিছে।বালোণ্ডাইপ্ৰকাশ কৰা মতে ৰে’ল বিভাগৰ ১৬ টা জ’নত এই পদ সমূহ বিলুপ্ত কৰা হৈছে।

কেৱল পূৱ ৰে’লৱেতেই ১ হাজাৰ ৩ শটা পদ বিলোপ কৰা হৈছে। ৰে’ল বিভাগে এনেদৰে বহু হাজাৰ পদ বিলোপ কৰাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেছনৰ সম্পাদক শিৱ গোপাল মিশ্ৰই ৰে’ল বিভাগৰ সিদ্ধান্ত বিৰোধিতা কৰি কয় যে ৰে’ল বিভাগত এনেয়ে কৰ্মীৰ সংখ্যা কম। এনে পৰিস্থিতিত পদ বিলোপ কৰি কৰ্ম শক্তি আৰু কমাই দিয়া হ’ল।

কোভিডত মৃত্যু ঘটা ৰে’ল কৰ্মীসকলৰ পদো আজিলৈকে পূৰণ কৰা হোৱা নাই। ৰে’ল বিভাগক ব্যক্তিগত খণ্ডক গটাই দিয়াৰ বাবে এয়া একাংশ বিষয়া আৰু চৰকাৰৰ কুছকাৱাজ বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য কৰ্মৰত কৰ্মচাৰীয়ে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে এতিয়াৰ পৰা আৰু তেওঁলোকৰ সন্তানে লাভ নকৰিব ৰে’লৱেৰ চাকৰি।

উল্লেখ্য যে, লাৰ্জেছ আঁচনিৰ অধীনত ভাৰতীয় ৰে’লত কৰ্মৰত কোনো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত সন্তানে ভাৰতীয় ৰে’লত চাকৰি লাভ কৰাৰ নিয়ম আছে। ৰে’লৱে ব’ৰ্ডে এই পুৰণি নিয়ম বিৰ্সজন দিয়া বুলি ঘোষণা কৰিছে।

ৰে’লৱেই ‘চেল্যুট’ নামৰ আঁচনিৰ অধীনত চালক আৰু টেকমেনৰূপে কৰ্মৰত কৰ্মচাৰীয়ে কামৰ হেঁচাৰ বাবে চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিব পাৰিব।

পঞ্চাশ বছৰ বা তাৰ উৰ্দ্ধৰ ৰে’লৱেৰ কৰ্মচাৰীয়ে এই আঁচনিৰ অধীনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলেও তেওঁলোকৰ সন্ততিয়ে ৰে’লৱেত চাকৰি লাভ নকৰিব বুলি এক নিৰ্দেশনা জাৰি কৰা হৈছিল।
ৰে’লৱে ব’ৰ্ডৰ এই নতুন নীতিক বিৰোধ কৰিছে ৰে’লৱেৰ কৰ্মচাৰী সংগঠনসমূহে।