ৰে’ল বিভাগে আৰম্ভ কৰিছে এক নতুন প’ৰ্টেল; তিনি ঘন্টাৰ ভিতৰতে দিব অভিযোগৰ সমাধান

30fcf948-525d-449d-9940-a4da9ccca0c4-66-750x375

প্ৰতিনিধিত্বমূলক ফটো।

ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা অভিযোগৰ সমাধান দিবলৈ ৰে’ল বিভাগে আৰম্ভ কৰিছে এটা বিশেষ প’ৰ্টেল।

যাত্ৰাৰ সময়ত আসনৰ বেয়া অৱস্থা, শৌচালয়ৰ দুৱাৰ ভঙা কিম্বা পানীৰ টেপ বন্ধ হৈ থকা বা সেইদৰে টিকট পৰীক্ষকে সহযোগিতা নকৰা আৰু সা-সামগ্ৰী চুৰি হোৱা আদি অভিযোগ হেল্পলাইন নাইবা প’ৰ্টেলত কৰিব পাৰিব।

এনে ধৰণৰ অভিযোগ দাখিলৰ তিনিঘন্টাৰ ভিতৰতেই ভাৰতীয় ৰে’লৱেই ৭০শতাংশ সমস্যাৰ সমাধান কৰিব।

যাত্ৰীসকলে এতিয়াৰে পৰা তেওঁলোকৰ অভিযোগৰ বাবে বেলেগ বেলেগ প’ৰ্টেল বা হেল্পলাইনৰ সহায় লোওৱাৰ বিপৰীতে একমাত্ৰ এই নতুন প’ৰ্টেল ‘ৰে’ল মদত’ৰ জৰিয়তেই কৰিব পৰা যাব।

ৰে’লতে হওঁক বা ষ্টেশ্যনতে হওঁক, সকলোতে এই ‘ৰে’ল মদত’য়ে সহায় আগবঢ়াব। তদুপৰি, যিকোনো মাধ্যমৰ জৰিয়তে এই প’ৰ্টেলৰ সুবিধা লাভ কৰিব পৰা যাব।

ইয়াৰ ৱেবছাইটটো হৈছে www.railmadad.indianrailway.gov.in। ৰে’ল মদত হোৱাটছএপ, ৰে’ল মদত টুইটাৰ, ফে’চবুক আদি সকলোতে অভিযোগ দাখিল কৰিব পৰা যাব।

আনহাতে, ১৩৯* ডায়েল কৰি কাষ্টমাৰ কেয়াৰতো অভিযোগ দিব পৰা যাব। ১২টা ভাষাত অভিযোগ কৰাৰ সুবিধা আছে আৰু প্ৰথমতে ৰখা আছে চিকিৎসা সেৱা।

যাত্ৰীসকলে #১ ডায়েল কৰি ৰে’লত অসুস্থ হৈ পৰিলে বা দৰৱৰ বাবে ইয়াত চিকিৎসা সেৱা বিচাৰিব পাৰিব।

ৰে’লৰ পৰা চিধাই অভিযোগ কন্ট্ৰ’ল ৰুম পাব। তদুপৰি, ৫৫০০ৰে’ল ষ্টেশ্যনত ৱাইফাইৰ ব্যৱস্থা থকালৈ চাই যাত্ৰীসকলে অনায়াসে ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব।

এই নতুন প’ৰ্টেলটোৰ জৰিয়তে ৰে’ল যাত্ৰীসকলে তেওঁলোক সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান ক্ষিপ্ৰতাৰে লাভ কৰিবলৈ সক্ষম হ’ব বুলি কোৱা হৈছে।