কোভিদ-১৯-ৰ বিৰুদ্ধে যুঁজাৰ বাবে ভাৰতীয় ৰে’লৱে কেন্দ্ৰ চৰকাৰক পাৰ্য্যমানে সহায়ৰ হাত আগবঢ়াইছে।
ভাৰতীয় ৰে’লৱে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰে’লৰ দবা সমূহক আইচোলেশ্যন কক্ষলৈ উন্নীত কৰাৰ লগতে, ৰে’লৱে হস্পাতাল সমূহত কোভিদ-১৯-ৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সমূহ উপলব্ধ কৰা আদি ক্ষেত্ৰত গুৰুত্ব অৰ্পন কৰিছে।
ভাৰতীয় ৰে’লৱে বৃহস্পতিবাৰে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ভাৰতীয় ৰে’লৱে সকলো ধৰণৰ ব্যৱস্থা কৰিছে বুলি প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ পায়।
ভাৰতীয় ৰে’লৱে প্ৰাথমিক অৱস্থাত ইয়াৰ ৫০০০ ৰে’লৱে দবাক ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীক আইছ’লেশ্যনত ৰখাৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি আইছ’লেশ্যন কক্ষলৈ উন্নীত কৰিব।
উত্তৰ-পূৱ সীমান্ত ৰে’লৱে বিভিন্ন স্থানত সৰ্বমুঠ ৩১৫ টা এনেধৰণৰ আইছ’লেশ্যন কক্ষ স্থাপন কৰিব বুলি জানিব পৰা গৈছে।
ৰে’লৰ দবাত স্থাপন কৰিবলগীয়া আইছ’লেশ্যন কক্ষসমূহত চিকিৎসা গাইডলাইন অনুসৰি প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী সমূহ উপলব্ধ কৰোৱা হ’ব।
আনহাতে, প্ৰয়োজন হ’লে আৰু অধিক ৰে’ল দবাত আইছ’লেশ্যন কক্ষলৈ উন্নীত কৰা হ’ব বুলিও ৰে’লৱে প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ কৰে।
ৰে’লৱে জ’ন মতে এই ৰে’লৱে আইছ’লেশ্যন কক্ষ সমূহ থাকিব। কোন কোন স্থানত এই দবা সমূহ থাকিব সেই কথা ৰে’লৱেৰ জাননী বোৰ্ডত উপলব্ধ হ’ব।
উল্লেখযোগ্য যে, ভাৰতীয় ৰে’লৱেৰ সমগ্ৰ ভাৰতত মুঠ ১২৫ খন হাস্পাতাল আছে আৰু ইয়াৰ ভিতৰত ৭০ খন হস্পাতালক কোভিদ-১৯-ৰ চিকিৎসাৰ বাবে কোভিদ-১৯ হাস্পাতাল হিচাপে উন্নীত কৰা হ’ব।
এই হাস্পাতাল সমূহৰ মুঠ ৬৫০০ খন বিচনা কোভিদ-১৯-ত আক্ৰান্ত ৰোগীৰ বাবে সাজু কৰি তোলা হৈছে বুলিও ৰে’লৱে প্ৰেছ বিজ্ঞপ্তিটোত সদৰী কৰে।