NORTHEAST NOW (Assamese)

সাপৰ বিষৰ বিৱৰ্তন, মোকাবিলাৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছে ভাৰতীয় বিজ্ঞানীয়ে

October 21, 2024 11:37 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

পৃথিৱীৰ জন্মৰ পৰাই যিটো প্ৰাণীৰ লগত আটাইতকৈ বেছি সম্পৰ্ক আছে সেয়া হ’ল সাপ। এই নামটো কাণত আহিলেই গোটেই শৰীৰত এটা শিহৰণ বিয়পি পৰে।

দৰাচলতে সাপ এনে এবিধ প্ৰাণী যিয়ে নিজৰ ভয় সমগ্ৰ বিশ্বতে বিয়পাই দিছে। আৰু সাপে এই ভয়ৰ বলতে গোটেই পৃথিৱীখনক শাসন কৰিছে।

গুৱাহাটীৰ ভাৰতীয় বিজ্ঞানীৰ এটা দলে দীৰ্ঘদিন ধৰি সাপৰ বিষৰ ওপৰত গৱেষণা কৰি আহিছে। গুৱাহাটীৰ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন চাইন্স এণ্ড টেকন’লজি (আই এ এছ এছ টি)ৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে পৰৱৰ্তী প্ৰজন্মৰ বিষনাশক কম্পোজিছন প্ৰস্তুত কৰাৰ এক নতুন পদ্ধতি সৃষ্টি কৰিছে।

লগতে পঢ়কঃ পুনৰ কাশ্মীৰৰ সোণমাৰ্গত উগ্ৰপন্থীৰ আক্ৰমণত নিহত চিকিৎসকসহ ৭ জন প্ৰব্ৰজিত শ্ৰমিক

তেওঁলোকে জানিব পাৰিছে যে বিভিন্ন প্ৰাণীৰ বিকাশৰ লগে লগে প্ৰকৃতিৰ বিকাশ হৈছে। এনেকৈয়ে সাপৰ বিষৰো বিকাশ হৈছে।

কেইবছৰমান আগতে সাপৰ বিষৰ চিকিৎসাৰ বাবে প্ৰস্তুত কৰা ঔষধ এতিয়া ফলপ্ৰসূ নহয়। ফলত বিষাক্ত সাপে কামুৰিলে মৃত্যু ৰোধ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে।

বিগত ৩০ বছৰ ধৰি অধ্যাপক মুখাৰ্জীয়ে সাপ আৰু বৃশ্চিকৰ বিষৰ গৱেষণা, বাণিজ্যিক এন্টি-ভেনমৰ গুণগত মান মূল্যায়ন, এন্টি-ভেনম উৎপাদনৰ নতুন পদ্ধতি আৰু সাপ আৰু বৃশ্চিকৰ বিষ ধৰা পেলোৱাৰ বাবে নতুন নিদানমূলক ব্যৱস্থাৰ বিকাশৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ আছে।

লগতে পঢ়কঃ প্ৰেমত বাধা হোৱাৰ বাবে শিশু অপহৰণৰ অভিযোগ; মুম্বাইত গ্ৰেপ্তাৰ ‘ক্ৰাইম পেট্ৰ’ল’ খ্যাত অভিনেত্ৰী

ভাৰতৰ মাটিত পোৱা কিং কব্ৰা, ৰাছেলৰ ভাইপাৰৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে এবিধ বিশেষ ঔষধ পৰীক্ষা কৰি আছে। সফল হ’লে এই নতুন ঔষধ শীঘ্ৰে বজাৰত উপলব্ধ হ’ব। এই উন্নত ঔষধে সাপৰ উন্নত বিষৰ সৈতে অতি সহজে মোকাবিলা কৰিব। 

Related News