ইটালীত মৃত্যু ভাৰতীয় ছাত্ৰৰঃ অজ্ঞাত মৃত্যুৰ কাৰণ

মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ বাবে চৰকাৰলৈ আহ্বান পৰিয়ালৰ

Indian student found dead in Italy

ইটালীত মৃত্যু হৈছে এজন ভাৰতীয় ছাত্ৰৰ। ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ ছাত্ৰগৰাকী এম বি এ অধ্যয়নৰ অৰ্থে ইটালীলৈ গৈছিল।

নিহত যুৱকজনক ৰাম ৰাউট বুলি চিনাক্ত কৰা হৈছে। যোৱা ২ জানুৱাৰীত ৰাম ৰাউটৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, ৰাউটে ইটালীত এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁৰ মৃত্যুৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই।

ৰাউটৰ পিতৃ-মাতৃয়ে নৱবৰ্ষৰ দিনা শুভেচ্ছা জনাবলৈ পুত্ৰলৈ ফোন কৰিছিল। কিন্তু ৰাউটে ৰিছিভ কৰা নাছিল তেওঁলোকৰ ফোন।

ইয়াৰ পিছতে ৰাউটৰ পিতৃ-মাতৃয়ে তেওঁৰ থকা ঘৰৰ গৰাকীৰ সৈতে যোগাযোগ কৰে। তেতিয়াই পোহৰলৈ আহে তেওঁৰ মৃত্যুৰ কথা।

ঘৰৰ গৰাকীজনে তেতিয়া ৰাউটক এটা কোঠাৰ ৱাশ্বৰুমত মৃত অৱস্থাত উদ্ধাৰ কৰা বুলি পৰিয়ালক জানিবলৈ দিয়ে।

পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে তেওঁৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ বাবে ঝাৰখণ্ডৰ চৰকাৰী উচ্চপদস্থ বিষয়া আৰু জনপ্ৰতিনিধিৰ কাষ চাপিছে।

এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে গৃ্হ বিভাগক এই বিষয়ে অৱগত কৰা হৈছে বুলি জিলাখনৰ এগৰাকী প্ৰশাসনিক বিষয়াই সদৰী কৰিছে।