• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কানাডাত ভাৰতীয় ছাত্ৰীৰ মৃত্যু, এতিয়াও নীৰৱ স্থানীয় প্ৰশাসন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2025 10:56 am
81
VIEWS
Share on FacebookShare on Twitter

কানাডাৰ কেলগাৰী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা এজন ভাৰতীয় ছাত্ৰৰ মৃত্যু হোৱা বুলি বৃহস্পতিবাৰে ভেংকুৱাৰত থকা ভাৰতীয় কনছুলেট জেনেৰেলে প্ৰকাশ কৰে।

নিহত ছাত্ৰীগৰাকীৰ নাম তানিয়া ত্যাগী। উচ্চ শিক্ষাৰ বাবে কানাডালৈ গৈছিল ছাত্ৰীগৰাকী। কনছুলেটে এক বিবৃতিযোগে শোক প্ৰকাশ কৰাৰ লগতে তানিয়াৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে।

কনছুলেটৰ এক বিবৃতিত কোৱা হৈছে যে, “কেলগাৰী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ছাত্ৰী তানিয়া ত্যাগীৰ আকস্মিক মৃত্যুত আমি শোকাহত। কনছুলেট স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছে আৰু শোকসন্তপ্ত পৰিয়ালটোক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব। তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ আমাৰ আন্তৰিক সমবেদনা আৰু প্ৰাৰ্থনা থাকিল।”

ইপিনে, কানাডাৰ কৰ্তৃপক্ষই এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ নকৰাত তানিয়াৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইফালে এক্সত প্ৰচাৰিত এটা পোষ্টত দাবী কৰা হৈছে যে তানিয়াৰ মাৰাত্মক হাৰ্ট এটেক হৈছিল।

পোষ্টটোত লিখা হৈছে, “সহায়ৰ আবেদন। উত্তৰ-পূব দিল্লীৰ বিজয় পাৰ্কৰ বিজয় পাৰ্কৰ ৫৫৯/১১ডি লেন ১২ৰ ছাত্ৰী তানিয়া ত্যাগীয়ে পঢ়া-শুনাৰ বাবে কানাডালৈ গৈছিল। ২০২৫ চনৰ ১৭ জুনত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁৰ মৃতদেহ ঘুৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰীৰ ওচৰত সাহায্য়ৰ আবেদন কৰা হৈছে।‘’

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ডমিনিকান ৰিপাব্লিকত ছুটীত ফুৰিবলৈ যোৱা অৱস্থাত নিৰুদ্দেশ হৈছিল ২০ বছৰীয়া ভাৰতীয় ছাত্ৰী সুদীক্ষা কনাংকি। যুৱতীগৰাকী আমেৰিকাৰ স্থায়ী বাসিন্দা আৰু পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল। তেওঁক ৬ মাৰ্চত লা আলটাগ্ৰাছিয়া প্ৰদেশৰ ৰিউ পুন্টা কানা হোটেলৰ সমীপৰ সাগৰৰ পাৰত শেষবাৰৰ বাবে দেখা গৈছিল।

We are saddened by the sudden demise of Ms. Tanya Tyagi, an Indian student at University of Calgary. The Consulate is in touch with the authorities and will provide all required assistance to the bereaved family. Our heartfelt condolences & prayers are with his family & friends…

— India in Vancouver (@cgivancouver) June 19, 2025

স্পেইনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ পিন্ধিছিল বাদামী ৰঙৰ টু-পিছ বিকিনি, ডাঙৰ ঘূৰণীয়া কাণফুলি, ভৰিত পায়েল আৰু হাতত একাধিক ব্ৰেচলেট। আন্তৰ্জাতিক মহলত এই গোচৰক লৈ ব্যাপক চৰ্চা হোৱাৰ পিছতো এই ঘটনাৰ তদন্ত সেইদৰে আগবঢ়া নাই।

Recent News

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd