কৰ’না ভাইৰাছত পুনৰ ৯৪০ গৰাকীৰ মৃত্যু; দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৬৫ লাখ অতিক্ৰম

Story-6-6-1140x570

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈ ১,০৭,৭৮২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আনহাতে, বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৭৫,৮২৯ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰ ফলত দেশত ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ৬৫,৪৯,৩৭৪ গৰাকীলৈ বৃদ্ধি পাইছে। আনহাতে, দেশত যোৱা ২৪ ঘন্টাত নতুনকৈ ৯৪০গৰাকী লোকৰ কৰ’নাত মৃত্যু হৈছে।

উল্লেখোগ্য যে, ভাৰতত চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হোৱা লোকৰ সংখ্যাও ৫৫,০৯,৯৬৭ গৰাকীলৈ বৃদ্ধি পাইছে।

সেইদৰে, দেশত এতিয়া ৯,৩৭,৬২৫ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে আগবঢ়োৱা প্ৰতিবেদনত এই তথ্যসমূহ উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে, ভাৰতৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এক লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে।

ইপিনে, কৰ’না প্ৰতিৰোধৰ বাবে পুনৰ লকডাউন বৃদ্ধিৰ সিদ্ধান্ত লৈছে মহাৰাষ্ট্ৰ চৰকাৰে। অহা ৩১ অক্টোবৰলৈকে ৰাজ্যখনত লকডাউন বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ কথা জানিব পৰা গৈছে।

অৱশ্যে চৰ্তসাপেক্ষে এই লকডাউন বৃদ্ধি কৰা হৈছে। একাধিক ক্ষেত্ৰত লকডাউন ৰেহাই দিয়া হৈছে।