India’s fertility rate dropped ভাৰতীয়সকলৰ মাজত সামগ্ৰিক উৰ্বৰতাৰ হাৰ (জিএফআৰ) যোৱা দশকৰ তুলনাত ২০ শতাংশ হ্ৰাস পাইছে। জিএফআৰ হৈছে ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ প্ৰতি ১,০০০ মহিলাৰ শিশু উৎপাদনৰ হাৰ।
চেম্পল ৰেজিষ্টৰেশ্যন ছিষ্টেম-য়ে প্ৰদান কৰা তথ্য অনুসৰি, ২০০৮ চনৰ পৰা ২০১০ চনলৈ তিনি বছৰত ভাৰতৰ জিএফআৰ আছিল ৮৬.১শতাংশ, যিটো ২০১৮-২০ বৰ্ষৰ ভিতৰত ৬৮.৭ শতাংশলৈ হ্ৰাস পাইছে।
দেশৰ গ্ৰাম্য অঞ্চলত সামগ্ৰিক সামগ্ৰিক উৰ্বৰতাৰ হাৰ ২০.২ শতাংশ হ্ৰাস পাইছে আৰু চহৰাঞ্চলত জিএফআৰ ১৫.৬ শতাংশ হ্ৰাস পাইছে।
বিশেষজ্ঞসকলে দাবী কৰে যে জিএফআৰে দেশত জনসংখ্যাৰ ঘনত্বৰ অভাৱ সূচায় যিটো এই দেশৰ বাবে কিছু সকাহৰ বিষয়। মহিলাৰ ক্ষেত্ৰত অধিক বয়সত বিয়া পতা, অধ্যয়নৰ প্ৰতি তেওঁলোকৰ বৰ্ধিত আগ্ৰহ আৰু বজাৰত গৰ্ভনিৰোধকৰ বৃহৎ উপলব্ধতা – এই সকলোবোৰ কাৰকৰ ওপৰত জিএফআৰৰ তাৰতম্য বহুখিনি নিৰ্ভৰ কৰে।
২০১০ আৰু ২০২০ চনৰ ভিতৰত জম্মু আৰু কাশ্মীৰৰ জিএফআৰ ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত সৰ্বাধিক হ্ৰাস পাইছে (২৯.২)। দিল্লীত জিএফআৰ (২৮.৫), উত্তৰ প্ৰদেশত (২৪), ঝাৰখণ্ডত (২৪) আৰু ৰাজস্থানত (২৩.২)।
ভাৰতত মুঠ উৰ্বৰতাৰ হাৰ (টিএফআৰ) হৈছে ২। বিহাৰত সৰ্বাধিক টিএফআৰ ৩। দিল্লী, তামিলনাডু আৰু পশ্চিম বংগত সৰ্বনিম্ন টিএফআৰ ১.৪।
দেশত জনসংখ্যা বৃদ্ধিয়ে আমাৰ দেশৰ দুৰ্দশাৰ প্ৰথম আৰু মুখ্য কাৰণ হিচাপে প্ৰায়েই আলোচনা হোৱা দেখা যায়। সেয়েহে, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সকলোকে কম সন্তান জন্ম দিবলৈ বাধ্য কৰিব পৰা এখন আইনৰ প্ৰয়োজন। শিশুৰ জন্মৰ হাৰ হ্ৰাস পালেই জনসংখ্যা হ্ৰাস হ’ব আৰু সুযোগ আৰু ভাল দিন ঘুৰি আহিব! হাতত কাষতে দাঙি ধৰা হয় চীনৰ উদাহৰণ।
সেয়ে, চেম্পল ৰেজিষ্টৰেশ্যন ছিষ্টেম-য়ে প্ৰদান কৰা এই তথ্যই দেশৰ বাবে অলপ সকাহ কঢ়িয়াই অনা বুলিয়েই ভাবে একাংশ লোকে।