NORTHEAST NOW (Assamese)

১০০০ টকাত বুক কৰক ৪জি ছিম থকা দেশৰ প্ৰথমখন এ’ আই-সমৃদ্ধ ইলেকত্ৰিক বাইক

June 18, 2019 10:28 pm · এন ই নাও নিউজ
ৰিভ’ল্ত আৰ ভি ৪০০। ছবি সৌজন্য-- AutoX

ৰিভ’ল্ত ইণ্টেলিকৰ্পে মঙলবাৰে মুকলি কৰিছে ভাৰতৰ প্ৰথমখন এ’ আই (artificial intelligence/ কৃত্ৰিম বুদ্ধিমত্তা)যুক্ত ইলেকত্ৰিক মটৰচাইকেল।

১০০০টকাত আগতীয়া বুকিঙৰ ব্যৱস্থা কৰা এই ৰিভ’ল্ত আৰ ভি ৪০০ বাইকখনত এখন ৪জি ছিম সংযুক্ত হৈ থাকিব। ২৫ জুনৰ পৰা বাইকখনৰ অগ্ৰিম বুকিং আৰম্ভ হ’ব।

এন্দ্ৰইদ আৰু iOS দুয়ো ধৰণে উপলব্ধ হ’ব লগা ৰিভ’ল্ত এপৰ যোগেদি বাইকখনৰ বিভিন্ন সুবিধা ব্যৱহাৰ কৰিব পাৰিব।

শব্দহীন বাইকখনত এপৰ যোগেদি বিভিন্ন ধৰণৰ শব্দ বাচি ল’ব পৰাৰ সুবিধা আছে। ভাৰতৰ ৭খন মহানগৰত প্ৰাৰম্ভিকভাৱে বাইকখন মুকলি কৰা হ’ব।

বাইকখনৰ সৰ্বোচ্চ গতি ঘণ্টাত ৮৫কিঃ মিঃ।

ৰিভ’ল্ত ইণ্টেলিকৰ্প কাম্পেনিটো প্ৰতিষ্ঠা কৰিছে মাইক্ৰ’মেক্সৰ সহ-প্ৰতিষ্ঠাপক ৰাহুল শৰ্মাই।

হাৰিয়ানাৰ মানেছাৰত উৎপাদন কেন্দ্ৰ স্থাপন কৰা ৰিভ’ল্তে ভাৰতৰ বিভিন্ন চহৰত অতি শীঘ্ৰেই বিপণি মুকলি কৰিব।

বাইকসমূহ চাৰ্জ কৰাৰ বাবে ছাৰ্জিং ষ্টে’চনৰ ব্যৱস্থাও কৰিবলৈ ৰিভ’ল্ত আগবাঢ়িছে।

Related News