NORTHEAST NOW (Assamese)

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

August 11, 2025 8:30 pm · নৰ্থ-ইষ্ট নাও
Updated: August 11, 2025 7:43 pm

 ‘ভাৰতত শিক্ষা আৰু স্বাস্থ্য সাধাৰণ মানুহৰ বাবে সুলভ নহয়– এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ। ভাগৱতে কয় যে আজিৰ সময়ত স্বাস্থ্য আৰু শিক্ষা সমাজৰ এক বৃহৎ প্ৰয়োজন হৈ পৰিছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে দুয়োটা সাধাৰণ ৰাইজৰ হাতৰ মুঠিৰ বাহিৰত।

দেওবাৰে ইন্দোৰত এক অনুষ্ঠানৰ সময়ত তেওঁ কয়, “আমি দেখিছো যে এজন মানুহে নিজৰ ঘৰ বিক্ৰী কৰি কিন্তু নিজৰ সন্তানক ভাল শিক্ষা দিবলৈ চেষ্টা কৰে। মানুহে নিজৰ ঘৰ বিক্ৰী কৰি ভাল চিকিৎসাৰ ব্যৱস্থা কৰে।”

ভাগৱতে কয়, “সকলোকে স্বাস্থ্য আৰু শিক্ষাৰ আটাইতকৈ বেছি প্ৰয়োজন। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই দুয়োটা আজি এজন সাধাৰণ মানুহৰ আৰ্থিক ক্ষমতাৰ বাহিৰত।”

তেওঁ কয়, “সমাজক এনে চিকিৎসাৰ প্ৰয়োজন যিটো সহজ আৰু সুলভ।”

আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয়, “মানুহে উন্নত চিকিৎসাৰ বাবে চহৰলৈ যাব লাগে। চহৰত চিকিৎসাৰ খৰচ বেলেগ, ভ্ৰমণৰ খৰচ বেলেগ, তাত জীয়াই থকাৰ খৰচ বেলেগ।”

Related News